অসম

assam

Assam Meghalaya border dispute: সীমা বিবাদ সন্দৰ্ভত শ্বিলঙত অসম মেঘালয়ৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

By

Published : Jun 14, 2023, 8:30 PM IST

অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ বাবে বুধবাৰে শ্বিলঙত দুয়োখন ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ আঞ্চলিক কমিটীৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ কেইটামান অঞ্চলত দুয়োখন ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সন্দৰ্ভত বিশেষভাৱে আলোচনা । অসমৰ মন্ত্রী পীযুষ হাজৰীকা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিয়াভালাংগ ধাৰৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত ।

Assam Meghalaya border issue
Assam Meghalaya border dispute

গুৱাহাটী, 14 জুন: অসম আৰু মেঘালয়ৰ মাজত ছটা বিবদমান অংশৰ সীমা সংঘাত ইতিমধ্যে মীমাংসা হৈছে যদিও এতিয়াও ছটা এলেকাৰ বিবাদ মীমাংসা হ'বলৈ বাকী আছে । বাকী থকা ছটা জটিল বিবদমান সীমা এলেকাৰ ক্ষেত্ৰত মীমাংসাত উপনীত হোৱাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । শেহতীয়াকৈ ২৪ মে'ত গুৱাহাটীত অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ অন্তত বুধবাৰে পুনৰ শ্বিলঙত দুয়োখন ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ আঞ্চলিক কমিটীৰ বৈঠক অনুষ্ঠিত হয় ।

অসমৰ মন্ত্রী পীযুষ হাজৰীকা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিয়াভালাংগ ধাৰৰ উপস্থিতিত শ্বিলঙত যুটীয়া আঞ্চলিক সমিতিৰ দ্বি-পাক্ষিক বৈঠক অনুষ্ঠিত হয় । বৈঠকত অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ কেইটামান অঞ্চলত দুয়োখন ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয় । বৰ্তমান অসম আৰু মেঘালয়ৰ মাজত থকা ছটা বিবদমান এলেকাৰ সংঘাত যথেষ্ট জটিল হোৱাৰ পৰিপ্ৰেক্ষিতত বিষয়টো সন্দৰ্ভত আলোচনা প্ৰক্ৰিয়া কিছু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে ।

মন্ত্রী পীযুষ হাজৰীকাই আশা প্ৰকাশ কৰে যে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম-মেঘালয়ৰ সীমা সমস্যা অনতিপলমে সমাধা হ'ব । বৈঠকত বিধায়ক দিগন্ত কলিতা, কাৰ্বি আংলং জিলা আৰু পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ জিলা আয়ুক্তদ্বয় , স্বায়ত্তশাসিত পৰিষদৰ সদস্য আৰু বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক:Assam Meghalaya border issue: সীমা বিবাদক লৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখ্য যে, বাকী থকা ছটা বিবদমান এলেকাৰ বিবাদ মীমাংসাৰ বাবে যোৱা ২৪ মে'ত গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ বৈঠক অনুষ্ঠিত হৈছিল । অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ লগতে দু্য়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু শীৰ্ষ বিষয়াই বৈঠকত অংশ গ্ৰহণ কৰিছিল । সেই বৈঠকত ইতিমধ্যে গঠন কৰি দিয়া মন্ত্রী পৰ্যায়ৰ আঞ্চলিক কমিটি সমূহে বিবাদমান এলেকাসমূহ ভ্ৰমণ কৰি ৰাইজৰ লগত কথা পাতি সমস্যা সমাধানৰ চেষ্টা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

আনহাতে বৈঠকত জুন মাহৰ শেষৰ ফালে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্রীয়ে কাৰ্বিআংলং আৰু জয়ন্তীয়া পাহাৰৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । যাতে দুয়োখন ৰাজ্যৰ বিবদমান এলেকাৰ ৰাইজৰ মাজত বন্ধুত্বৰ ভাৱ গঢ় লৈ উঠে । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আলোচনাৰ মাধ্যমেৰে বুজাবুজি আৰু বিশ্বাসৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত বাকী থকা ছটা এলেকাৰ বিবাদ মীমাংস‍া কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি বুধবাৰে শ্বিলঙত মন্ত্রী পৰ্যায়ৰ আঞ্চলিক কমিটীৰ বৈঠক অনুষ্ঠিত হয় । দুয়োখন ৰাজ্যত মন্ত্রী পৰ্যায়ত তিনিখনকৈ আঞ্চলিক কমিটী গঠন কৰি দিয়া হৈছে । এই কমিটীসমূহক বিবদমান এলেকাৰ তথ্যসমূহ সংগ্ৰহ কৰাৰ লগতে ৰাইজৰ লগত আলোচনা কৰি সকলো দিশ চালিজাৰি চোৱাৰ বাবে দায়িত্ব দিয়া হৈছে । জুলাই মাহত আঞ্চলিক কমিটী সমূহৰ সকলো প্ৰতিবেদন পৰ্যালোচনা কৰা হ'ব ।

লগতে পঢ়ক:Sign MoU on border dispute : অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে ঐতিহাসিক চুক্তি স্বাক্ষৰ

উল্লখ্য যে, ছটা বিবদমান এলেকাৰ বাবে অসমত মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰীকাৰ অধ্যক্ষতাত অসম চৰকাৰে তিনিখন কমিটী গঠন কৰি দিছে । সেইদৰে মেঘালয় চৰকাৰেও তিনিখন আঞ্চলিক কমিটি গঠন কৰি দিছে । ইতিমধ্যে দুয়োখন ৰাজ্যৰ কমিটি সমূহে বিবদমান এলেকা পৰিদৰ্শন কৰি ৰাইজৰে মতবিনিময় কৰিছে । লগতে কেইবালানি বৈঠকতো মিলিত হৈছে ।

ABOUT THE AUTHOR

...view details