গুৱাহাটী,২১ ডিচেম্বৰ: অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত মন্ত্রী পৰ্যায়ৰ দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটিৰ বৈঠক আজি জনতা ভৱনত অনুষ্ঠিত হয়(Minister level meeting between Assam and Arunachal) । বৈঠকত অসমৰ হৈ মন্ত্রী অতুল বৰা আৰু অৰুণাচল প্ৰদেশৰ হৈ উপ-মুখ্যমন্ত্রী চৌনা মেইনকে ধৰি দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটিৰ সদস্যসকল উপস্থিত আছিল । বৈঠকৰ অন্তত জনতা ভৱনত মন্ত্রী অতুল বৰা আৰু অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী চৌনা মেইনে এখন সংবাদমেল সম্বোধন কৰে(Meeting on Assam-Arunachal Border issue) ।
সংবাদমেলত মন্ত্রী অতুল বৰাই কয় যে অসম আৰু অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হৈছে । দুয়োখন জিলাৰ আঞ্চলিক কমিটীসমূহে বুজাবুজিৰ মাজেৰে সহমতত উপনীত হৈছে । দুয়োখন ৰাজ্যৰ মাজত থকা ইচ্ছ্যুসমূহ মীমাংসা কৰা হৈছে আৰু এইক্ষেত্রত স্বাক্ষৰো কৰা হৈছে । এই আলোচনাৰ প্ৰতিবেদন দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক দিয়া হ'ব । তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত ল'ব ।
তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে নামচাইত আঞ্চলিক কমিটিৰ বৈঠক হৈছিল । বৈঠকৰ সিদ্ধান্ত অনুসৰি বিবাদমান এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱা হৈছিল । সেইদৰে কেইবালানি বৈঠক অনুষ্ঠিত হৈছিল । আজি পুনৰ আঞ্চলিক কমিটিৰ বৈঠক অনুষ্ঠিত হয় । আজি মুকলিকৈ আলোচনা কৰি ঐক্যমতত উপনীত হোৱা বুলি তেওঁ সদৰি কৰে ।