গুৱাহাটী, 1 নৱেম্বৰ: বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়ন কৰা ‘‘মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন’’ আঁচনিখন আজি গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় (CMs Vigyan Darshan scheme 2022) । আঁচনিখন উদ্বোধন কৰে বিভাগীয় মন্ত্রী কেশৱ মহন্তই (Science and Technology minister Assam)। ১ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ ছখন জিলাৰ ২৪০০ গৰাকী জ্যেষ্ঠ ব্যক্তি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব ৷
এই অনুষ্ঠানৰ দ্বাৰা আকাশৰ কথা, 3D প্ৰদৰ্শনী, ভাৰতীয় বিজ্ঞানৰ বিকাশ, বিজ্ঞানৰ সৈতে জড়িত ক্ৰীড়া, বিজ্ঞানৰ অন্বেষণ আদি বিভিন্ন দিশৰ বিষয়ে জ্ঞাত হ’ব পাৰিব অংশগ্ৰহণকাৰী সকল (Programs of Vigyan Darshan scheme)। এই কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আৰু গ্ৰাম্য অঞ্চলৰ বয়োজ্যেষ্ঠ সকলৰ উদ্ভাৱনীমূলক কৰ্মৰাজিক বৈজ্ঞানিকভাৱে প্ৰদৰ্শন কৰিবলৈ সুবিধা প্ৰদান কৰা হ’ব ।
মন্ত্রী কেশৱ মহন্তই এই কাৰ্যসূচীৰ পৰা আহৰণ কৰা তথ্যৰাজিৰ আধাৰত অনুভৱ সমূহ লিখিবলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায় ।