অসম

assam

ETV Bharat / state

GMCH ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট - Health minister of Assam sudden visit at gmch

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিশা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট (Sudden visit) ৷ জিএমচিএইচত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক ৷ জ্যেষ্ঠ চিকিৎসকক নাপাই ক্ষুব্ধ মন্ত্ৰী কেশৱ মহন্ত ৷

keshab mahanta
নিশা হঠাৎ GMCHত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

By

Published : Jun 29, 2021, 8:06 PM IST

গুৱাহাটী, ২৯ জুন :ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কেইবাখনো জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে ক'ভিড (Covid) আক্ৰান্তৰ সংখ্যা । যাৰ বাবে বহু কেইখন জিলাত কঠোৰভাৱে সান্ধ্য আইন (Night Curfew) বলবৎ কৰা হৈছে ।

যোৱা কেইবাদিনো ধৰি গুৱাহাটী মহানগৰীত কৰ'ণাত আক্ৰান্ত সংখ্যা হ্ৰাস পোৱা নাই । সোমবাৰৰ দিনটোতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) মৃত্যু হয় ১২ গৰাকীকৈ কৰ'ণা আক্ৰান্ত ৰোগীৰ । যাৰ বাবে কিছু শংকিত হৈছে স্বাস্থ্য বিভাগ (Health Department) ।

GMCH ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট

ইফালে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত নতুনকৈ কেইবাটাও শিশু কৰ'ণাত আক্ৰান্ত হোৱাৰ লগে লগে আৰু অধিক চিন্তিত হৈছে অসমৰ স্বাস্থ্য বিভাগ ।

প্ৰকৃততে হাস্পতালখনত কৰ'ণা পৰিস্থিতিৰ মাজত চিকিৎসা সেৱা কেনেদৰে চলিছে তাক জানিবলৈ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী (Health minister) কেশৱ মহন্ত হঠাৎ সোমবাৰে নিশা উপস্থিত হয় জিএমচিএইচত । হাস্পতালখনৰ প্ৰতিটো মহলালৈ গৈ মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ চিকিৎসা ব্যৱস্থা পৰ্যবেক্ষণ কৰে । ইফালে নিশা হ'লে হাস্পতালখনত জ্যেষ্ঠ চিকিৎসক (Senior Doctor) নথকাৰ এক গুৰুতৰ অভিযোগ আছে ।

GMCH ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট

সেয়ে কোন কোন চিকিৎসক উপস্থিত আছে সেয়াও পৰীক্ষা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । এক সূত্ৰৰ পৰা জানিব পৰা মতে পৰ্যাপ্ত সংখ্যক জ্যেষ্ঠ চিকিৎসক উপস্থিত নথকাত ক্ষুব্ধ হৈ পৰে স্বাস্থ্যমন্ত্ৰীগৰাকী । উল্লেখ্য যে বিভিন্ন সময়ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতালখনত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায় ।

একাংশ জ্যেষ্ঠ চিকিৎসকে নিশা কৰ্ম সম্পাদন কৰাৰ পৰিৱৰ্তে কেৱল দিনতহে হাস্পতাললৈ অহাৰ এক অভিযোগ আছে । যাৰ বাবে শেহতীয়াকৈ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই হাস্পতালত হঠাৎ উপস্থিত হৈছিল ৷ লগতে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ।

GMCH ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট

নিৰ্দেশনা অনুসৰি নিশা কনিষ্ঠ চিকিৎসকৰ উপৰিও জ্যেষ্ঠ চিকিৎসকসকলক কৰ্তব্য পালন কৰিবলৈ কৈছিল । কিন্তু এই নিৰ্দেশনা কিমান দূৰ পালন কৰা হৈছে তাক পৰ্যালোচনা কৰিবলৈয়ে সোমবাৰে নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত হাস্পতালত হঠাৎ উপস্থিত হয় । অনুপস্থিত চিকিৎসকসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :প্ৰসংগ APSC কেলেংকাৰী: প্রাক্তন DIGৰ পুত্র, সাংবাদিকৰ আত্মীয়ক তলব

ABOUT THE AUTHOR

...view details