অসম

assam

ETV Bharat / state

প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই নিয়াত মহত্বপূৰ্ণ ভূমিকা লৈছে তথ্য প্ৰযুক্তিয়ে: মন্ত্ৰী কেশৱ মহন্ত - Keshab Mahanta Inaugurates One Day Workshop

গুৱাহাটীত এন আই চিৰ ডিজিটেল গৱৰ্ণেন্স বিষয়ক এদিনীয়া কৰ্মশালা উদ্বোধন তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ। তথ্য-প্ৰযুক্তি বিভাগকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু এন আই চিৰ মাজৰ একত্ৰিত প্ৰয়াসে অসমত ই-প্ৰশাসন ব্যৱস্থাটো আৰু অধিক ফলপ্ৰসূ ৰূপত কাৰ্যক্ষম হৈ উঠাৰ পথ প্ৰশস্ত কৰিব।

Minister Keshab Mahanta
ডিজিটেল গৱৰ্ণেন্স বিষয়ক এদিনীয়া কৰ্মশালা

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:02 PM IST

গুৱাহাটী, 17 নৱেম্বৰ : ৰাজ্যত ডিজিটেল শাসন ব্যৱস্থাক অধিক গতিশীল ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 'নেশ্যনেল ইনফ'ৰ্মেটিক্স চেণ্টাৰ' (এন আই চি) আৰু অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ মাজত সু-সমন্বয়ত গুৰুত্ব আৰোপ কৰিছে ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই ৷ গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত শুকুৰবাৰে এন আই চিৰ উদ্যোগত আয়োজিত 'ডিজিটেল গৱৰ্ণেন্স বিষয়ক এখন গুৰুত্বপূৰ্ণ কৰ্মশালা উদ্বোধন কৰি তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী মহন্তই কয় যে তথ্য-প্ৰযুক্তি বিভাগকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু এন আই চিৰ মাজৰ একত্ৰিত প্ৰয়াসে অসমত ই-প্ৰশাসন ব্যৱস্থাটো আৰু অধিক ফলপ্ৰসূ ৰূপত কাৰ্যক্ষম হৈ উঠাৰ পথ প্ৰশস্ত কৰিব ৷

মন্ত্ৰী কেশৱ মহন্ত

এন আই চিৰ ৰাজ্যিক কেন্দ্ৰ আৰু জিলাসমূহত থকা গোটৰ বিষয়াসকলৰ লগতে ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ অধীনৰ এমট্ৰনৰ বিষয়া-কাৰ্যবাহীক লৈ আয়োজিত এদিনীয়া কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু অতিৰিক্ত মুখ্য সচিব (সাধাৰণ প্ৰশাসন) অবিনাশ যোশী, এন আই চিৰ ৰাজ্যিক মুখ্য তথ্য-বিজ্ঞান বিষয়া কবিতা ৰায় দাস আৰু ৰাজ্যৰ তথ্য প্ৰযুক্তি, ইলেকট্ৰনিক্স আৰু যোগাযোগ সঞ্চালকালয়ৰ সঞ্চালক পৱন কুমাৰেও অংশগ্ৰহণ কৰে ৷

ৰাজ্যখনত ই-প্ৰশাসন তথা 'ডিজিটেল গৱৰ্ণেন্স' ব্যৱস্থাক জনসাধাৰণ বাবে অধিক সহজলভ্য আৰু ফলপ্ৰসূ কৰি তোলাৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এন আই চিৰ জিলাস্তৰীয় বিষয়াবৰ্গক লৈ আয়োজিত কৰ্মশালাখন মুকলি কৰি তথ্য-প্ৰযুক্তি মন্ত্ৰী মহন্তই কয় যে প্ৰশাসন ব্যৱস্থাক প্ৰকৃতাৰ্থত জনসাধাৰণৰ কাষ চপাই নিয়াত মহত্বপূৰ্ণ ভূমিকা লৈছে তথ্য প্ৰযুক্তিয়ে ৷ অসমত এতিয়া চৰকাৰৰ বিভিন্ন বিভাগৰ নাগৰিক কেন্দ্ৰিক সেৱাসমূহ অতি ক্ষিপ্ৰ গতিত আৰু সুশৃংখলিতভাৱে বিতৰণৰ পথ সুগম কৰি তথ্য-প্ৰযুক্তিয়ে প্ৰশাসন ব্যৱস্থাটোত অভূতপূৰ্ব ইতিবাচক পৰিবৰ্তন সাধন কৰিছে ৷ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি, নীতি-সিদ্ধান্তৱলীৰ সুফলসমূহ অনলাইন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত এন আই চিয়ে অসম চৰকাৰক বিশেষ সহযোগিতা আগবঢ়াই আহিছে ৷ ইয়াৰ বাবে এন আই চি ধন্যবাদৰ পাত্ৰ বুলি তেওঁ কয় ৷

গুৰুত্বপূৰ্ণ কৰ্মশালা উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত এন আই চিয়ে কাৰিকৰী সহযোগিতা, সমৰ্থনেৰে ডিজিটেল প্ৰশাসনৰ ধাৰণাটোক অসমত সুষম কৰি তুলিছে বুলিও তেওঁ দোহাৰে ৷ অনুষ্ঠানত অংশগ্ৰহণকাৰী এন আই চিৰ বিষয়াসকলক সম্বোধন কৰি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে কয় যে বৰ্তমান সময়ত নেছনেল ইনফ'ৰ্মেটিক্স চেণ্টাৰ (এন আই চি)ৰ সহায়ৰ বাবে প্ৰশাসনীয় কামকাজসমূহ পূৰ্বতকৈ যথেষ্ট কম সময়তে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিছে ৷ তেওঁ কয় যে অসম চৰকাৰৰ সকলো স্তৰতে ই-অফিচ ব্যৱস্থা কাৰ্যকৰী হোৱাৰ বাবে চৰকাৰী ফাইল অনুমোদনৰ ক্ষেত্ৰতেই হওক, অথবা অন্য দিশতেই হওক, তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটো এতিয়া সম্ভৱ হৈছে ৷ ইয়াৰ ফলত প্ৰশাসনিক কামকাজ ক্ষিপ্ৰ হৈ ৰাজ্যখনৰ বিকাশৰ গতি দ্ৰুত হৈছে ৷

একেদৰে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব (সাধাৰণ প্ৰশাসন) অবিনাশ যোশীয়েও উদ্বোধনী অনুষ্ঠানত ভাগ লৈ কয় যে এন আই চিৰ জিলা গোটসমূহে প্ৰতিখন জিলাতে নাগৰিককেন্দ্ৰিক সেৱা বিতৰণত প্ৰমুখ ভূমিকাৰে প্ৰশাসন ব্যৱস্থাক ৰাজ্যখনৰ প্ৰতিটো অংশৰে ৰাইজৰ কাষ চপাই নিয়াত সহায় কৰিছে ৷ অনুষ্ঠানৰ আৰম্ভণিতে এন আই চি অসমৰ মুখ্য তথ্য-বিজ্ঞান বিষয়া কবিতা ৰয় দাসে 1988 চনৰ পৰা বৰ্তমানলৈকে এন আই চিয়ে অসমত কৰি অহা কাম-কাজৰ লগতে বিশ্বৰ তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনৰ শেহতীয়া ধাৰাৰ বিষয়েও বিতং ভাৱে আলোচনা কৰে ৷

লগতে পঢ়ক :এএছটিচি চিটি কেব আৰু এএছটিচি বাছত ইউ পি আইৰ সংযোজন

ABOUT THE AUTHOR

...view details