গুৱাহাটী, 18 অক্টোবৰ :কথমপি প্ৰাণ ৰক্ষা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷মাজ আকাশত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হেলিকপ্টাৰত ঘটিল যান্ত্ৰিক বিজুতি । বুধবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ ফলত বৰঝাৰ বিমান বন্দৰত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা থকা হেলিকপ্টাৰখন ।
চৰকাৰী বিশেষ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মানকাচৰৰ পৰা গুৱাহাটীলৈ আহি আছিল মন্ত্ৰীগৰাকী ৷ তেনে সময়তে হেলিকপ্টাৰখনত যান্ত্ৰিক বিজুতিৰ উমান পাই পাইলটে জৰুৰীভাৱে বৰঝাৰ বিমান বন্দৰতে অৱতৰণ কৰায় ৷
উল্লেখ্য যে মানকাচৰত আজি অৰুণোদয় 2.0 আচঁনিৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে অনুমোদন পত্র বিতৰণ কৰি মন্ত্ৰীগৰাকী গুৱাহাটীলৈ হেলিকপ্টাৰযোগে আহি আছিল । খানাপাৰাত অৱতৰণ কৰিব লগা আছিল যদিও দুটা ইঞ্জিনযুক্ত হেলিকপ্টাৰখনৰ এটা ইঞ্জিন বিকল হৈ পৰাত খানাপাৰাৰ পৰিৱৰ্তে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰতে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় হেলিকপ্টাৰখন ৷