গুৱাহাটী, ১৯ আগষ্ট: লোকসভা নিৰ্বাচন চমু চপাৰ লগে লগে বাদ-বিসম্বাদত জৰ্জৰিত হৈ পৰিছে শাসকীয় দল বিজেপি ৷ ইতিমধ্যে ইজনৰ পিছত সিজন প্ৰবীণ বিজেপি নেতাই দলৰ কামকাজ সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য । শেহতীয়াকৈ দুজনকৈ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে দলটোত চলা কাম-কাজ সন্দৰ্ভত কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য ৷
এই মন্তব্যৰ পিছতে শনিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰে ৷ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে কেবিনেট মৰ্যাদা সম্পন্ন পদত্যাগ কৰাক লৈ তেওঁ মন্তব্য কৰে ৷
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে সদায় ‘প্ৰদৰ্শন’ (Performance)ৰ ওপৰত চলে ৷ কপিলদেৱে বিশ্বকাপ জয় কৰিছিল । এতিয়া কপিলদেৱকতো খেলাই থাকিব নোৱাৰি ! বিজেপিত ৮০ শতাংশ ২০১৪ ৰ পিছত অহা কাৰ্যকৰ্তা । ৮ বছৰৰ আগত অহা সকল নতুন কাৰ্যকৰ্তা হ’ব নোৱাৰে । ছমাহৰ আগত অহাবোৰ নতুন বুলি ক’ব পাৰি । ৰাজেন গোহাঁইক দলে যিমান দিছে,আন কাকো দিয়া নাই ।’’
তেওঁ আৰু কয়, ‘প্ৰজন্ম’ হিচাপে দলত মানুহ থাকিব । আগতে গাভাস্কাৰ, কপিলদেৱ আছিল । এতিয়া নাই, এনেকৈ চলি থাকিব । খিলঞ্জীয়াৰ পক্ষত নিৰ্বাচন আয়োগে চিন্তা কৰিছে ৷ যাৰ বাবে ১০৩ টা সমষ্টি খিলঞ্জীয়াৰ হাতত আছে ৷ নগাঁও সমষ্টিটো বাদ দি বেলেগ জয়ী হ’ব নালাগে বুলি ভাবিছে যদি সেইয়া বেলেগ কথা ৷ ৰকিবুল হুছেইনৰ লগত সম্পৰ্ক থকাৰ কথা উলিয়ালে সকলোৱে ‘লেই লেই ছেই ছেই’ কৰিব গোহাঁইক ।’’