গুৱাহাটী ২১ জুলাই: মহানগৰীৰ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে কৰা আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ জয়ন্ত মল্ল বৰুৱাই প্ৰতিবাদকাৰীক কটাক্ষ কৰি কয়, ‘‘ভাড়ালৈ অনা প্ৰতিবাদকাৰীৰ প্ৰতিবাদত গুৰুত্ব দি কি লাভ । আহোমৰ বাবে প্ৰতিবাদ কৰিছে আলী, আহমেদ, ৰহমান, হুছেইনে ।’’
সন্দেহযুক্ত বাংলাদেশীয়ে শিৱসাগৰত আহোমৰ আসন কমিছে বুলি প্ৰতিবাদ কৰা বুলি উল্লেখ কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে আহোম জনগোষ্ঠীৰ আসনৰ বাবে বৰফুকন, বৰপাত্ৰগোহাঁই, ফুকন, গগৈসকলে প্ৰতিবাদ কৰিব লাগে । কিন্তু তেনেকুৱা আহোম এজনৰো দেখা-দেখি নাই ।
তেওঁ আৰু কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচনী আয়োগে এখন খচৰা প্ৰস্তুত কৰি দিছে । প্ৰতিবাদৰ নেতৃত্ব লোৱাসকলে মানুহ বিচাৰি নাপাই চৰ অঞ্চলৰ পৰা ভাড়াত প্ৰতিবাদকাৰী আনিছে ।’’