গুৱাহাটী,২৫ জানুৱাৰী: অসমত জল জীৱন আঁচনি আৰম্ভ হোৱাৰ পূৰ্বে ২০১৯ চনৰ ১৫ আগষ্টত ঘৰুৱা টেপৰ সংযোগ আছিল ১.১১ লাখ । এই হাৰ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ১.৬ শতাংশ । জল জীৱন আঁচনি ৰূপায়ণ হোৱাৰ তিনিবছৰৰ ভিতৰত অসমত ঘৰুৱা টেপৰ সংযোগৰ সংখ্যা হৈছে ২৮.২৭ লাখ । অৰ্থাৎ ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৪২.১ শতাংশ লোকক পানীৰ টেপৰ ঘৰুৱা সংযোগ দিয়া হৈছে । এই কথা সদৰী কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই(Public Health Department Minister Jayanta Malla Baruah) ।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য অভিযন্তাৰ কাৰ্যালয়ত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি মন্ত্রীগৰাকীয়ে এই তথ্য সদৰী কৰে । তেওঁ কয় যে বিভাগে ২০২৪ চনত ৰাজ্যৰ এশ শতাংশ লোকক ঘৰুৱা টেপৰ যোগেদি পানী যোগান দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । জল জীৱন মিছন(jal jiban mission) আৰু স্বচ্ছ ভাৰত মিছন সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জল জীৱন মিছনৰ কামৰ ক্ষেত্রত অভিযোগ দিবৰ বাবে এতিয়াৰে পৰা থাকিব অভিযোগ কোষ ।
এই কোষত অভিযোগ দিলেই পোনপটীয়াকৈ পদক্ষেপ গ্ৰহণ কৰা হ'ব । কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । ২০২৪ৰ ভিতৰত গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ মানুহলৈকে খোৱা পানী যোগান ধৰা হ'ব । তেওঁ লগতে কয় যে পানী সংযোগ দিয়া ২৮ লাখৰ ৪ লাখ পৰিয়ালত এতিয়ালৈকে আত্মসহায়ক গোটৰ জৰিয়তে পৰীক্ষণ প্ৰক্ৰিয়া সমাপ্ত কৰা হৈছে(Water Supply of Jal Jeevan Mission) ।
আত্মসহায়ক গোটসমূহে ৬০ শতাংশ সংযোগ নিখুঁত আছে বুলি জনাইছে । বাকী ৪০ শতাংশত থকা বিসংগতি শীঘ্ৰে ঠিক কৰা হ'ব । তেওঁ কয় যে ১০০ শতাংশই শুদ্ধ হ'ব লাগিব জল জীৱন মিছনৰ কাম । তেওঁ লগতে কয় যে ৪ লাখৰ ৯৫ শতাংশ মানুহে বিশুদ্ধ খোৱা পানীৰ বিনিময়ত পইচা দিবৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে । জল জীৱনৰ সংযোগ হোৱা সকলোতে আজিৰ পৰা পুৱা ৬ বজাৰ পৰা ৭ বজালৈ আৰু সন্ধিয়া ৪ বজাৰ পৰা ৫ বজালৈ পানী দিয়া হ'ব(Water connection to every household in Assam) ।
সকলোৱে এই নিৰ্ধাৰিত সময়মতে আজিৰ পৰা পানী লাভ কৰিব । প্ৰতিজন মানুহৰ বিপৰীতে প্ৰতিদিনে ৫৫ লিটাৰ পানী দিয়া হ'ব । তেওঁ লগতে কয় যে প্ৰতিদিনে ৭ হাজাৰৰ পৰা ৮ হাজাৰ পৰিয়ালত পানীৰ সংযোগ দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে । আনহাতে 'হৰ ঘৰ জল'ৰ জৰিয়তে ২৫ হাজাৰ ৩৩৫ টা ঘৰলৈ পানী দিয়াৰ ব্যৱস্থা কৰা হৈছিল । হৰ ঘৰ জলৰ লক্ষ্য হৈছে গাঁওখনৰ প্ৰতিঘৰ মানুহক পানী দিয়া ।