অসম

assam

By

Published : Aug 16, 2022, 8:26 PM IST

ETV Bharat / state

গুৱাহাটীত ৰাজ্যৰ আইটিআইসমূহৰ উদ্ভাৱনী প্ৰকল্প পৰিদৰ্শন মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

আজাদী কা অমৃত মহোৎসৱক (Azadi ka Amrit Mahotsav) বিষয় হিচাপে লৈ ৰাজ্যৰ আই টি আইৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰি উলিয়ালে ১০৭ টা মডেল (ITI students in Assam built 107 models) । শিক্ষাৰ্থীসকলৰ উদ্ভাৱনী প্ৰকল্প দেখি অভিভূত মন্ত্রী জয়ন্ত মল্ল বৰুৱা । গ্ৰামাঞ্চল তথা অতি পিছপৰা অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকশিত কৰাটো চৰকাৰৰ লক্ষ্য ।

ITI
ITI

গুৱাহাটী, ১৬ আগষ্ট :দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ৩২ খন আই টি আইৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰি উলিয়াইছে ১০৭ টা প্ৰকল্প (Students from 32 ITI built 107 projects in Assam) । গুৱাহাটীৰ গোপীনাথ নগৰস্থিত গুৱাহাটী আই টি আইত (Guwahati ITI) মঙলবাৰে এই উদ্ভাৱনীমূলক প্ৰকল্পসমূহৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হয় ।

উক্ত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah inspecting ITI projects) । প্ৰকল্পসমূহ পৰিদৰ্শন কৰি মন্ত্রী বৰুৱাই কয়, "আজাদী কা অমৃত মহোৎসৱক (project about Azadi ka Amrit Mahotsav theme) বিষয় হিচাপে লৈ মডেল নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল । আই টি আইৰ বিভিন্ন ট্ৰেডৰ শিক্ষাৰ্থীসকলে সুন্দৰভাৱে মডেলসমূহ নিৰ্মাণ কৰি উলিয়াইছে । ইয়াত তেওঁলোকৰ দক্ষতা সুন্দৰ ৰূপত প্ৰকাশ পাইছে ।"

গুৱাহাটীত ৰাজ্যৰ আইটিআইসমূহৰ উদ্ভাৱনী প্ৰকল্প পৰিদৰ্শন মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

তেওঁ শিক্ষাৰ্থীসকলৰ প্ৰশংসা কৰি কয়, "আমাৰ শিক্ষাৰ্থীসকলৰ কলাসুলভ মন এটা আছে । শিক্ষাৰ্থীসকলে গঠনমূলক চিন্তাৰে সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিছে ।" তেওঁ লগতে কয় যে চৰকাৰৰ লক্ষ্য হৈছে যে গ্ৰামাঞ্চল তথা অতি পিছপৰা অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকশিত কৰা । চৰকাৰে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰাই নহয়, তেওঁলোকক উলিয়াই অনাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাব এটা সৃষ্টি কৰাৰ লগতে উপযুক্ত প্লেটফৰ্ম দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে তেওঁলোকে সংস্থাপন লাভ কৰিব পাৰে । তেওঁ কাৰিকৰী শিক্ষাৰ যোগেদি আত্মসংস্থাপনৰ ক্ষেত্রত চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ কথাও দোহাৰে (self employment through technical education)।

লগতে পঢ়ক :ব্যক্তিগত খণ্ডলৈ আদৰ্শ বিদ্যালয়, তৎপৰ ৰণোজ পেগু

For All Latest Updates

ABOUT THE AUTHOR

...view details