গুৱাহাটী, ১৬ জুন: ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা । অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ ভাগত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মেলা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় (Minister Jayant Malla Baruah oversees various aspects of ambubashi mela)_। ক'ভিডৰ সাময়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল ধৰ্মীয় নিয়মাৱলীৰ বাদে বাকী অনুষ্ঠানসমূহ যেনে শুভাৰম্ভণি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
লগতে আন বছৰৰ দৰে কোনোধৰণৰ প্ৰচাৰ কাৰ্য্যও এইবাৰ কৰা নাযাব । মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ অহা ভক্ত সকলৰ থকা খোৱাৰ ব্যৱস্থা আগৰ দৰেই কৰা হ'ব । মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৪০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়ণৰ প্ৰস্তুতি চলি আছে ।
স্বচ্ছতাৰ ওপৰত এইবেলি বিশেষভাবে মনোনিৱেশ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । এইবাৰ পাহাৰৰ ওপৰলৈ আৱশ্যকীয় সেৱাৰ বাহিৰে কোনো ব্যক্তিগত যান বাহন উঠিবলৈ দিয়া নহ'ব । লগতে এইবাৰ কোনো Car Passৰ ব্যৱস্থা কৰা হোৱা নাই । কামাখ্যাৰ মূল পথ, পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা পথ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়িয়ে অম্বুবাচীৰ সময়ত কামাখ্যা পাহাৰলৈ উঠিবলৈ সকলো ভক্তলৈ তেওঁ অনুৰোধ জনায় ।