অসম

assam

ETV Bharat / state

ৰাজ্যৰ বাহিৰত থকা অসমৰ লোকলৈ হেল্পলাইন নম্বৰ মুকলি ৰাজ্য চৰকাৰৰ

ৰাজ্য আৰু দেশৰ বাহিৰত থকা অসমৰ লোকসকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে ৯৬১৫৪৭১৫৪৭ এই হেল্প লাইন নাম্বাৰটো ৷ হেল্প লাইন নাম্বাৰত মিচকল দিলে এটা লিংক পোৱা যাব আৰু লিংকটোতে যাৱতীয় প্ৰ-পত্ৰ থাকিব । প্ৰ-পত্ৰখন পূৰণ কৰি অনলাইন যোগে জমা দিলেই বাহিৰত থকা লোকে চৰকাৰৰ পৰা সহায় সহযোগ লাভ কৰিব ।

By

Published : Apr 13, 2020, 4:32 PM IST

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৩ এপ্ৰিলঃ গুৱাহাটীস্থিত এন এইচ এমৰ কাৰ্যালয়ত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীয়ে অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক কেইটামান দিনত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি উল্লেখ কৰে ৷ সোমবাৰে সন্ধিয়া বা মঙলবাৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে লকডাউন সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব লগতে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্ত অসমে অনুসৰণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, বৰ্তমান সময়ছোৱাত স্বাস্থ্য বিভাগৰ হাতত 85,582 পি পি কীটৰ লগতে 91 হাজাৰ এন 93 মাস্ক মজুত থকা বুলি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰোপৰি, ৰিলায়েন্সে ৰাজ্যক উন্নত মানদণ্ডৰ 10 হাজাৰ পি পি কীট প্ৰদান কৰা জনাই মন্ত্ৰীগৰাকীয়ে ৷

সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্য আৰু দেশৰ বাহিৰত থকা অসমৰ লোকসকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে ৯৬১৫৪৭১৫৪৭ হেল্প লাইন নাম্বাৰ ৷ এই হেল্প লাইন নাম্বাৰত মিচকল দিলে ব্যক্তিগৰাকীলৈ এটা এটা লিংক প্ৰেৰণ কৰা হ'ব আৰু লিংকটোতে যাৱতীয় প্ৰ-পত্ৰ থাকিব । প্ৰ-পত্ৰখন পূৰণ কৰি অনলাইন যোগে জমা দিলেই ৰাজ্য়ৰ বাহিৰত থকা লোকে চৰকাৰৰ পৰা সহায় সহযোগ লাভ কৰিব । এই পৰ্যন্ত বিদেশত থকা ২১ গৰাকী অসমীয়া লোকৰ একাউন্টত ১ এহেজাৰ ডলাৰকৈ ৰাজ্য চৰকাৰে জমা দিছে । দ্বিতীয় পৰ্যায়ত আৰু এহেজাৰ ডলাৰকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব । অসমৰ বাহিৰত কাম কৰা দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তক অসম চৰকাৰে কিছু সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে সবিশেষ তথ্য গ্ৰহণ কৰাৰ বাবে স্বেচ্ছামূলকভাৱে ঘৰৰ পৰাই কাম কৰিব 300 ছাত্ৰ-ছাত্ৰীয়ে ৷

সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আনহাতে, ৰাজ্যৰ বাহিৰত জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকসকলক ৰাজ্য চৰকাৰে ইতিমধ্যে ২৫ হাজাৰকৈ টকা আগবঢ়াইছে ৷ বৰ্তমানলৈকে ৰাজ্যত COVID ১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৩০ গৰাকী । ইয়াৰে ২৮ গৰাকী প্ৰায় সুস্থ হৈ উঠিছে । নিজামুদ্দিন কাণ্ডৰ সৈতে জড়িত ১৪২১ জনক চিনাক্ত কৰা হৈছে যদিও তেওঁলোকৰ মাজৰ ৩৪ জনৰ পৰীক্ষাৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে । আনহাতে নাগালেণ্ডৰ এজন COVID ১৯ ত আক্ৰান্ত ৰোগী সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বুলিও প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details