গুৱাহাটী, 17 জুনঃ বুধবাৰ মহানগৰীৰ পাণ্ডুস্থিত এফ আৰ ইউ চিকিৎসালয় পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চিকিৎসালয় খনত উপস্থিত হৈ তাত আৰম্ভ হোৱা COVID পৰীক্ষা সন্দৰ্ভে বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰে যে,ইতিমধ্যে মহানগৰীৰ 12টাকৈ জ'নত নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে ৷ যাৰ জৰিয়তে ৫০ হাজাৰ লোকৰ স্বাস্থ্য় পৰীক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷
মহানগৰীত গণ সংক্ৰমণ হোৱা নাইঃ হিমন্ত বিশ্ব শৰ্মা - himanata biswa sarma
কোনো কৰ'ণা আক্ৰান্ত লোকৰ সংস্পৰ্শত অহাৰ বাবে ট্ৰেভেল হিষ্ট্ৰী নথকা লোকো কৰ'ণাত আক্ৰান্ত হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বুধবাৰে পাণ্ডুস্থিত এফ আৰ ইউ চিকিৎসালয় পৰিদৰ্শন কৰি এই বিষয়ে উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷
মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি, গুৱাহাটীৰ আটাইকেইখন চিকিৎসালয়তে ইতিমধ্যে আৰম্ভ হৈছে কৰ'ণাৰ পৰীক্ষা ৷ আনহাতে গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ হোৱা বুলি ক'ব নোৱাৰি বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ কোনো কৰ'ণা আক্ৰান্ত লোকৰ সংস্পৰ্শত অহাৰ বাবেহে ট্ৰেভেল হিষ্ট্ৰী নথকা সত্বেও কিছুমান লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ যাৰ বাবে তেনেদৰে আক্ৰান্ত হোৱা লোকৰ আক্ৰন্তৰ উৎস বিচাৰি এনেদৰে COVID-19 পৰীক্ষা আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃদিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পুনৰ সম্পন্ন হ'ব কোভিড-১৯ পৰীক্ষা