গুৱাহাটী,23 নৱেম্বৰঃনিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া ৰাজনৈতিক নেতাৰ বাকযুদ্ধও তীব্ৰতৰ হৈছে। যোৱা কিছুদিন পূৰ্বে AJP আৰু ৰাইজৰ দলক কটাক্ষ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে,তেওঁৰ পৰামৰ্শ মতেই ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ পৰিকল্পনা কৰিছে।
হিমন্ত লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্তঃ অদীপ ফুকন - লুইজ বাৰ্গাৰ কেলেংকাৰী
নিৰ্বাচনৰ পূৰ্বে পুনৰ লুইজ বাৰ্গাৰ কেলেংকাৰীৰ প্ৰসংগ ৷ বহুদিন পাহৰি থকা লুইজ বাৰ্গাৰ কেলেংকাৰীৰ কথা এইবাৰ অদীপ ফুকনৰ মুখত ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্ত- অদীপ ফুকন ৷
এই মন্তব্যৰ পিছতেই মন্ত্ৰী ড০ শৰ্মাক উভতি ধৰিছে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক অদীপ ফুকনে। অদীপ ফুকনে কয় যে,মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে AJP নচলে। মন্ত্ৰী ড০ শৰ্মাক ৰাজনীতিৰ পৰা উৎখাত কৰিবলৈহে AJPৰ জন্ম হৈছে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লুইজ বাৰ্গাৰ কেলেংকাৰীৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাই অদীপ ফুকনে।
ইফালে ৰাইজৰ দল তথা আন আন আঞ্চলিক দলৰে মিত্ৰতাৰ প্ৰসংগ চলি থকা বুলি উল্লেখ কৰে AJPৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে। আনহাতে গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিলে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক অদীপ ফুকনে।
লগতে চাওকঃ ৪০ হাজাৰ জনতাৰ উপস্থিতিত বিজেপিত যোগদান ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীৰ