গুৱাহাটী,17 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ভাগ লোৱা সকলৰ শ্ল'গান আছিল,হয় নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,নহ’লে আমাক গ্ৰেপ্তাৰ কৰক। গতিকে সমুজ্জ্বল ভট্টাচাৰ্য,লুৰিণ জ্যোতি গগৈসহ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হ’ল আৰু আধা ঘণ্টাৰ পিছত মুকলি কৰি দিয়া হ’ল’– এই মন্তব্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলন চলি থকাৰ মাজতে মঙলবাৰে গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ সংবাদমেলত ৰাজ্যৰ শেহতীয়া আইন শৃংখলাৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ পৰা দিনৰ ভাগত সান্ধ্য আইন গুৱাহাটীত নাথাকে বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্তশৰ্মাই। কিন্তু মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ইণ্টাৰনেট সেৱা মুকলি কৰাৰ আদেশ দিয়াৰ পিছতো ৰাজ্যৰ আইন-শৃংখলাজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য বুধবাৰেও ইণ্টাৰনেট সেৱা বন্ধ থাকিব বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে,শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণ,জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ কোনে কৰিছে তাৰ কিছু তথ্য চৰকাৰে লাভ কৰিছে। এই গোচৰটো ইতিমধ্যে চৰকাৰে নিয়াক হস্তান্তৰ কৰা হৈছে ৷ শংকৰদেৱ কলাক্ষেত্ৰ লণ্ডভণ্ড কৰা ২৪ জন লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে। ২৪ গৰাকীৰ ভিতৰত আছে, অলকেশ দাস (ভঙাগড়), কছিবুদ্দিন আহমেদ(নগাঁও),ৱাহিদ আহমেদ(ছয়মাইল),নবাৱ মবিউল(দিছপুৰ),জাহাংগীৰ আহমেদ(দিছপুৰ),নুৰবস্ক আলী(নলবাৰী, মুকালমুৱা),ছাহি খান(দিছপুৰ),ইমৰাণ আলী। নেতৃত্বত আছিল জুৱেৰ আলম,যি এটা ৰাজনৈতিক দলৰ সক্ৰিয় কৰ্মী। লগতে জনতা ভৱনৰ সন্মুখত প্ৰতিবাদত কূটাঘাট মূলক কাৰ্যৰ আঁৰত একাংশ কংগ্ৰেছী নেতাৰ ষড়যন্ত্ৰ লুকাই আছে ৷ লগতে তেওঁলোকে ভৱনটো জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ৰাজ্যৰ শেহতীয়া আইন-শৃখলা জনিত পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল বৰ্তমানলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সংঘটিত কূটাঘাট মূলক ঘটনাৰ বিৰুদ্ধে মুঠ 200 টা গোচৰ ৰুজু কৰা হৈছে ৷ এই 200 গোচৰ বিশেষকৈ আন্দোলনৰ সময়ত ভণ্ডামি,চৰকাৰী সম্পত্তি জ্বলাই দিয়া,হত্যাৰ চেষ্টা আদিৰ ঘটনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৷ এই গোচৰ সমূহত সান্ধ্য আইন ভংগ কৰা গোচৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ এতিয়ালৈ ইয়াত জড়িত মুঠ 273 জন ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰে 107 জন গুৱাহাটীৰ প্ৰতিবাদৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ৷ আনহাতে অসম চৰকাৰে এই সকলো গোচৰৰ তদন্ত কৰাৰ বাবে উপ মহাপৰিদৰ্শক মৃদুলা নন্দ শৰ্মাৰ নেতৃত্বত বিশেষ অনুসন্ধান কমিটি গঠন কৰিছে ৷ কমিটিখন উপ মহাপৰিদৰ্শক মৃদুলা নন্দ শৰ্মা,আৰক্ষী অধীক্ষক লীলা শৰ্মা,জগজিৎ সিনহা, হিতেশ শৰ্মা আৰু বুলাৰাম তেৰঙকলৈ এই কমিটিখন গঠন কৰা হৈছে ৷ বৰ্তমানলৈ এই কমিটিখন অসম আৰক্ষীৰ চি আই ডিক লৈ গঠন হৈছে ৷ পাছত ভাৰত চৰকাৰক অসম চৰকাৰে ছমাহৰ বাবে কোনো চিবিআই বা নিয়াত কৰ্মৰত বিষয়াক অসমত নিযুক্তি দিবলৈ অনুৰোধ জনাব বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে চৰকাৰী কৰ্মচাৰী সকললৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিদেৰ্শ যাতে চৰকাৰ বিৰোধী আন্দোলন কৰা কোনো ৰাজনৈতিক দল বা সংগঠনৰ প্ৰতিবাদত অংশ গ্ৰহণ পৰা বিৰত থাকক ৷ যদি কোনো চৰকাৰী পৰিষদে তেনে আন্দোলনত যোগ দিয়ে তেন্তে চৰকাৰে কঠোৰ শাস্তি ল'বলৈ বাধ্য হ'ব ৷ লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বুধবাৰে কৰ্মচাৰী পৰিষদে আহ্বান কৰা আন্দোলনৰ বাবে কৰ্মচাৰীসকলৰ দৰ্মহা কৰ্তন নকৰাৰ সিদ্ধান্ত চৰকাৰৰ ৷ কিন্তু বৃহস্পতিবাৰৰ কোনো চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত নাথাকি,শিক্ষকে শ্ৰেণী কোঠা এৰি বা চিকিৎসকে চিকিৎসালয় বাদ দি আন্দোলনত অংশ গ্ৰহণ নকৰাৰ নিদেৰ্শ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ উল্লেখযোগ্য যে চৰকাৰে বৰ্তমান ফেচবুক প'ষ্টত চোকা নিৰীক্ষণ ৰাখিছে বুলি সংবাদমেলত জনাই মন্ত্ৰীগৰাকীয়ে ৷