অসম

assam

ETV Bharat / state

"মোৰ সমান দুখী কোনো নাই" : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - Chandramohan patuwari latest news

সংবাদমেলখনৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জনায় যে অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ লগতে ২২টা জনগোষ্ঠীয় ভাষা সাহিত্য সভাক বিত্তীয় সাহাৰ্য প্ৰদান কৰাৰ লগতে 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে সকলো কাৰ্যপন্থা লোৱা হৈছে ।  উল্লেখ্য যে সংবাদমেলখনত খিলঞ্জীয়াই ভূমি পট্টা লাভ কৰাৰ লগতে নতুন ভূমি আইনৰ বাবে উপ সমিতি গঠন কৰা হৈছে  বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

By

Published : Jan 10, 2020, 9:19 PM IST

গুৱাহাটী, 10 জানুৱাৰী: "CAA" বিৰোধী আন্দোলনৰ মাজতে চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ আৰু বহু আঁচনি ৷ শুকুৰবাৰে জনতা ভৱনত শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে জনাবলৈ এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীয়ে ৷ আনহাতে এই সংবাদমেলৰ জৰিয়তে অসমলৈ অহা বিনিয়োগকাৰীৰ সংখ্যা ক্ৰমাৎ কমি যোৱা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷ ফলত অতি দুখী হৈ পৰিছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সংবাদমেলখনৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জনায় যে অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ লগতে ২২টা জনগোষ্ঠীয় ভাষা সাহিত্য সভাক বিত্তীয় সাহাৰ্য প্ৰদান কৰাৰ লগতেছয় নং দফাকাৰ্যকৰীকৰণৰ বাবে সকলো কাৰ্যপন্থা লোৱা হৈছে । উল্লেখ্য যে, সংবাদমেলখনতখিলঞ্জিয়াই ভূমি পট্টালাভ কৰাৰ লগতে নতুন ভূমি আইনৰ বাবে উপ সমিতি গঠন কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি, বৰাক ভেলীত গ্ৰীণ ফিল্ড বিমানবন্দৰৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদমেলখনত জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ যাৰ দ্বাৰাদক্ষিণ পূব এছিয়াক সংযোগ কৰা হ'ব । লগতে বঙাইগাঁও ৰিফাইনেৰীৰ উৎপাদন ক্ষমতা তিনি মিলিয়নৰ পৰা ছয় মিলিয়নলৈ বৃদ্ধিৰ কাম হাতত লোৱা হৈছে ৷ আনহাতে ৰে'লৱে, এয়াৰৱে , হাইৱে, নেভীৱে , ইন্টাৰনেট ৱেৰ দিশত অসমক আগুৱাই নিয়াৰ প্ৰয়াস অব্যাহত আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, বৰ্তমান অসমৰ চাৰিওটা ৰিফাইনেৰীৰ উৎপাদন ক্ষমতা মাত্ৰ সাত মিলিয়ন সেয়ে পাৰাদ্বীপৰ পৰা ক্ৰোড অইল আনি নুমলীগৰৰ উৎপাদন ক্ষমতা৯ মিলিয়ন কৰা হ'ব ৷ ইতিমধ্যে চৰকৰে গেছ আৰু তেলৰ সম্ভাৱনা থকা ১০০ স্থান চিনাক্ত কৰি উলিয়াইছে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

সংবাদনমেলখনত দিয়া তথ্য অনুসৰি, কেন্দ্ৰই বিত্তীয় সাহাৰ্য পৰ্যাপ্ত পৰিমাণে দিছে। লগতে ইন্দ্ৰধনুচ গেছ গ্ৰীড লিমিটেড অসম চৰকাৰৰ নতুন প্ৰচেষ্টা । আনহাতে, অসমৰ অৰ্থনীতি সলনি কৰিব পাইপ লাইন প্ৰকল্পই । অসমৰ বাবে মাইলৰ খুটি হ'ব এই পাইপ লাইন প্ৰকল্প । প্ৰথমে গুৱাহাটীৰ নাৰেংগীলৈ আহিব পাইপ লাইন। ইতিমধ্যে ক'ত ক'ত পাইপ লাইনডাল পৰিব তাৰ বাবে জৰীপ কৰিবলৈ দিয়া হৈছে । তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ বাবে কেন্দ্ৰই৪২,৭৮২কোটি টকাৰ প্ৰকল্প হাতত লৈছে । এয়া কোনো কৌতুক নহয় বুলিও সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: কৃষকৰ আত্মহত্যা, NCRB ৰ তথ্য ভুল : CPI

আনহাতে সংবাদমেলখনত আন্দোলনৰ বিষয়ে ভাল বেয়া একো নকওঁ বুলি মন্তব্য কৰে শাসক দলৰ মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু চৰকাৰী সা-সম্পত্তি নষ্ট হোৱাৰ লগতে আন্দোলনৰ বাবে ২২ লাখ নিবনুৱা ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰোপৰি ভাৰত চৰকাৰে অসম চুক্তিৰ সাত নং দফাৰ জড়িয়তে যোগীঘোপাত ঐতিহাসিক ভাৱে আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক হাব গঢ়িবলৈ আগবাঢ়িছে ৷ লগতে মঙলদৈত৯৫০ কোটি ব্যয়ৰে SKILL UNIVERSITY বনোৱা হ'ব বুলি সংবাদমেলত জনায় হ'ব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details