অসম

assam

ETV Bharat / state

আন্তঃ জিলা যাতায়তৰ বাবে পৰিবহণ বিভাগৰ নতুন নিয়ম - আন্তঃজিলা যাতায়াতৰ বাবে স্থানীয় আৰক্ষী থানাত পঞ্জীয়ন কৰকঃচন্দ্ৰমোহন পাটোৱাৰী

আন্তঃজিলা যাতায়াতৰ বাবে স্থানীয় আৰক্ষী থানাত নাম পঞ্জীয়ন কৰিবলৈ ৰাইজক আহ্বান অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ কিয়নো বুকিঙৰ বাবে পৰিবহণ নিগমে মুকলি কৰা ১০৪ নম্বৰ সাময়িকভাৱে বন্ধ ৰখা হৈছে ।

Minister chandramohan patowary requsted to public to register names for inter district communication
ৰাইজলৈ আহ্বান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

By

Published : Apr 29, 2020, 9:42 AM IST

গুৱাহাটী,29 এপ্ৰিলঃ ইতিমধ্যে ৰাজ্যত আন্তঃজিলা যাতায়াতৰ বুকিঙৰ বাবে পৰিবহণ নিগমে মুকলি কৰা ১০৪ নম্বৰ সাময়িকভাৱে বন্ধ ৰখা হৈছে । যথেষ্ট সংখ্যক লোকে কৰা আবেদনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত পৰিবহণ বিভাগৰ । সম্প্ৰতি আবদ্ধ লোকসকলে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰিলেহে লাভ কৰিব টিকট । মঙলবাৰে গুৱাহাটী মহানগৰীৰ আইএছবিটিত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ৰাইজলৈ আহ্বান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ইফালে একাংশ লোকে এগৰাকী যাত্ৰীৰ বাবদ ৪/৫ বাৰ পৰ্যন্ত বুকিং কৰিছে । যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ অসুবিধাত পৰিছে । সেয়ে এবাৰহে টিকট বুকিং কৰিবলৈ যাত্ৰীসকলক আহ্বান জনাইছে মন্ত্ৰী পাটোৱাৰীয়ে । সমান্তৰালকৈ অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলৰ ক্ষেত্ৰত শীঘ্ৰে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

লগতে চাওকঃতেজপুৰত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান

ABOUT THE AUTHOR

...view details