গুৱাহাটী,27 এপ্ৰিলঃ মঙলবাৰৰ পৰা অসমৰ গ্ৰামাঞ্চলৰ সকলো দোকান-পোহাৰ পুনৰ মুকলি কৰা হ'ব । আজি বিয়লি জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায় । কেবিনেট বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । অৱশ্যে কোনো ধৰণৰ হাট বা বজাৰ এই সময়চোৱাত খুলিব নোৱাৰিব৷ আনহাতে ৰেড জ'ন হিচাপে স্বীকৃত পাঁচখন জিলা ক্ৰমে গোলাঘাট,মৰিগাঁও,নলবাৰী,ধুবুৰী আৰু গোৱালপাৰাত এই নতুন নিৰ্দেশনা কাৰ্যকৰী নহ'ব । এই জিলা কেইখনত পূৰ্বৰ দৰেই সকলো বন্ধ থাকিব দোকান পোহাৰ । ইয়াৰ লগতে ৰেড জ'নৰ সীমান্তৱৰ্তী পাঁচ কিলোমিটাৰ পৰ্যন্ত বন্ধ থাকিব দোকান-পোহাৰ ।
মঙলবাৰৰ পৰা খুলিব পাৰিব গ্ৰামাঞ্চলৰ দোকান-পোহাৰঃ কেবিনেটৰ সিদ্ধান্ত - সংসদীয় পৰিক্ৰমা মন্ত্ৰী
ৰেড জ'ন হিচাপে স্বীকৃত পাঁচখন জিলা ক্ৰমে গোলাঘাট,মৰিগাঁও,নলবাৰী,ধুবুৰী আৰু গোৱালপাৰাত এই নতুন নিৰ্দেশনা কাৰ্যকৰী নহ'ব। এই জিলাকেইখনত পূৰ্বৰ দৰেই সকলো বন্ধ থাকিব। ইয়াৰ লগতে ৰেড জ'নৰ সীমান্তৱৰ্তী পাঁচ কিলোমিটাৰ পৰ্যন্ত বন্ধ থাকিব দোকান-পোহাৰ ।
মঙলবাৰৰ পৰা খুলিব পাৰিব গ্ৰামাঞ্চলৰ দোকান-পোহাৰঃকেবিনেটৰ সিদ্ধান্ত
ইপিনে আন্তঃজিলা পৰিবহনৰ বাবে যি তিনিদিন ইতিমধ্যে ঘোষণা কৰা হৈছিল সেই সময়সীমা ২ মে'লৈকে বৃদ্ধি কৰিবলৈ আজি কেবিনেটে অনুমোদন জনায় । ৩ মে'ৰ পিছত লক ডাউন সন্দৰ্ভত কেন্দ্ৰই যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়াই ৰাজ্য চৰকাৰে পালন কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে। ইপিনে, বি টি এ ডিত নতুন কোনো উদ্ভাৱনী চিন্তাৰে সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক চৰকাৰে অনুৰোধ জনাবলৈও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে পঢ়কঃ লক ডাউনৰ বাবে একাংশ লোকৰ সলনি হ'ল জীৱিকা