গুৱাহাটী, 4 ছেপ্টেম্বৰঃঅনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে National Scholarship Portal ৰ জড়িয়তে বৃত্তি লাভ কৰাৰ ক্ষেত্ৰত সফল হোৱা অসমেই হৈছে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য । শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা প্ৰকাশ কৰে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই । বিভাগটোৰ বিগত সময়ৰ কামকাজৰ কেতবোৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত এই বৃত্তিৰ অধীনত সামৰি লোৱা হৈছে ৭১,২৩১ গৰাকী শিক্ষাৰ্থীক । এইসকলৰ ভিতৰত ৫৭,৫৭০ গৰাকী হৈছে অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ । বাকী ১৩,৬৬১ গৰাকী অনুসূচিত জাতিৰ শিক্ষাৰ্থী । এই বছৰ বৃত্তিৰ বাবে এতিয়ালৈকে ১,১৬,০০০ খন আবেদন চৰকাৰে লাভ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, ১৮,০৯৫ গৰাকী অনুসূচিত জনজাতি, ৩,৮০৯ গৰাকী অনুসূচিত জাতি আৰু ২২,৮৫৬ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক ই-টেক্সটবুক সন্নিবিষ্ট হৈ থকা একোটাকৈ টেবলেট পি চি দিয়া হৈছে বুলিও তেওঁ তথ্য দাঙি ধৰে ।
আহি আছে আৰু এখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক - অনুসূচিত জাতিৰ কৃষক
ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ আঁচনি ৷ বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ বিধেয়কখন আগন্তুক শীতকালিন অধিবেশন সদনত গৃহিত কৰা হ’ব ।
বিভাগীয় খতিয়ান দিলে মন্ত্ৰী চন্দন ব্ৰহ্মই: আহি আছে আৰু এখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক