গুৱাহাটী, ২৯ জুন: অসুস্থ হৈ আছে ৰাজ্যৰ দুগৰাকীকৈ প্ৰথিতযশা শিল্পী সুদক্ষিণা শৰ্মা আৰু ৰমেন বৰুৱা ৷ অসমীয়া চলচ্চিত্ৰৰ ৭০-৮০দশকৰ সফল সংগীত পৰিচালক ৰমেন বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বিমল বড়াই ৷ পৰিচালকগৰাকীৰ মহানগৰীৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ সমীপৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷
বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ মন্ত্ৰী বড়াই চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰপৰা সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ সংগীত শিল্পী ৰমেন বৰুৱাৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত তেওঁৰ কনিষ্ঠ ভাতৃ গায়ক দ্বীপেন বৰুৱা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত আছিল ৷
ইয়াৰ পাচতে মন্ত্ৰী বড়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ থকা শিল্পী সুদক্ষিণা শৰ্মাৰো স্বাস্থ্যৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰে কথা পাতি শিল্পীগৰাকীৰ চিকিৎসা সন্দৰ্ভত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে ৷