গুৱাহাটী,৭ জুন: হাজাৰ হাজাৰ নাট্যপ্ৰেমীৰ স্মৃতি জড়িত ৰবীন্দ্ৰ ভৱন নতুন ৰূপ নিৰ্মাণ কৰা হ'ব (Rabindra Bhawan to be rebuilt)। অহা ৪ বছৰৰ ভিতৰত ন- ৰূপ পাব ৰবীন্দ্ৰ ভৱনে । গুৱাহাটী মহানগৰীৰ আমবাৰীত থকা কলা সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱনক নতুন ৰূপত ৰাইজে দেখিবলৈ পাব । পুনৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ ৰূপে ভঙি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব । বুধবাৰে এই সন্দৰ্ভত মন্তব্য় আগবঢ়ায় সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।
কেইবামাহ ধৰি মেৰামতিৰ বাবে ৰবীন্দ্ৰ ভৱন বন্ধ হৈ থকাৰ পিচতে চৰকাৰে উন্নত মানৰ প্ৰযুক্তিৰে ৰবীন্দ্ৰ ভৱন পুণৰ নিৰ্মাণ সন্দৰ্ভত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । চৰকাৰে গ্ৰহণ কৰা সিদ্ধাৰ পিচতে মেৰামতিৰ কম বন্ধ কৰি দিয়ে । এই সম্পৰ্কে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই সংবাদ মাধ্যমৰ আগত কয় যে সাংস্কৃতিক জগতৰ বাবে সাহস আৰু প্ৰেৰণা ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণ (Press Meet Culture Minister Bimal Bara)। কলা সংস্কৃতিৰ বাবে পবিত্ৰ স্থান । এই পৰিত্ৰ স্থান বিজ্ঞান আৰু প্ৰযুক্তিৰ মাধ্যমেৰে অত্যাধুনিক ৰূপত গঢ়িবৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে ।