গুৱাহাটী,৮ আগষ্ট:সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যত এক নতুন ৰাজনৈতিক দল গঠনৰ উকমুকনি আৰম্ভ হোৱাৰ সময়তে,এই নতুন দলটোৰ বাবে আছুক শুভেচ্ছা জনালে একালৰ আছুৰ সভাপতি তথা বৰ্তমানৰ অগপৰ সভাপতি,মন্ত্ৰী অতুল বৰাই । যি সময়ত আছুৱে অগপক চোকা সমালোচনাৰে থকাসৰকা কৰি আহিছে সেই সময়তে অতুল বৰাৰ এনে "শুভেচ্ছা" ই বিশেষ তাৎপৰ্য বহন কৰিছে ।
২০২১ তো বাহাল থাকিব বিজেপি-অগপৰ মিত্ৰতা: অতুল বৰা ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অগপৰ সভাপতি গৰাকীয়ে কয় যে,আছুৱে একে সময়তে নিজৰ অৰাজনৈতিক চৰিত্ৰও অটুত ৰখা উচিত ৷ আনহাতে,২০২১ৰ বিধানসভা নিৰ্বাচনতো বিজেপি-অগপৰ মিত্ৰতা বাহাল থকাৰ ইংগিত দিয়ে অগপৰ সভাপতিগৰাকীয়ে । সেইমৰ্মে দুয়োটা দলৰ মাজত আসন ভাগ বাটোৱাৰাৰ বিষয়টোও বিবেচনা কৰি থকা হৈছে বুলি মন্তব্য কৰে অতুল বৰাই ।
অগপলৈ বহু নতুন মুখ আৰু ডেকা তেজৰ আগমন ঘটিব: অতুল বৰা সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অগপই মুঠ ৮৫ টা সমষ্টিক লক্ষ্য হিচাপে লৈ আগবাঢ়িছে,যি ৮৫ টা সমষ্টি এটা সময়ত অগপৰ দখলত আছিল । সামাজিক মাধ্যমক অধিক আৰু সঠিকভাৱে ব্যৱহাৰ কৰি এইবাৰ অগপ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কয় দলটোৰ সভাপতিগৰাকীয়ে ।
আছুক শুভেচ্ছা জনালে একালৰ আছুৰ সভাপতি তথা বৰ্তমানৰ অগপৰ সভাপতি, মন্ত্ৰী অতুল বৰাই ২০২১ৰ নিৰ্বাচনত অগপলৈ বহু নতুন মুখ আৰু ডেকা তেজৰ আগমণ ঘটিব বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে,ৰাজ্যত কেইবাটাও নতুন আঞ্চলিক ৰাজনৈতিক শক্তিয়ে সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে যদিও ইয়ে অগপক কোনো ধৰণে প্ৰভাৱিত নকৰে।
লগতে পঢ়ক:ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰি 36 গৰাকী শিক্ষাৰ্থীৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ