গুৱাহাটী, 28 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচন (Lok Sabha Election 2024)৷ নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে অসম গণ পৰিষদ দলেও (AGP will contest on Lok Sabha Election 2024) ৷ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱা আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অগপ দলে আয়োজন কৰিছে দলৰ কৰ্মকৰ্তাসকলৰ এখন সভা ।
ইতিমধ্যে অগপই ইতিমধ্যে মিত্ৰদল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছৰ দখলত থকা মঙলদৈ, তেজপুৰ, কলিয়াবৰ আৰু নগাঁৱত লোকসভা সমষ্টি ভিত্তিত একোখনকৈ বৃহৎ কর্মকর্তা সন্মিলন অনুষ্ঠিত কৰিছে । তাৰ ভিত্তিত আজি গুৱাহাটী লোকসভা সমষ্টিৰ বাবে অগপই ৰণকৌশল প্ৰস্তুত কৰিছে (Atul Borah commented on Lok Sabha election) ।
এই বিশেষ কৰ্মকৰ্তা সম্মিলনত অংশ লৈ অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কয়, "অগপ দলে ইতিমধ্যে ৫ টা লোকসভা সমষ্টিত কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিছে । বাকী ৯ টা সমষ্টিত পৰৱৰ্তী সময়ত কৰ্মকৰ্তা সম্মিলন অনুষ্ঠিত কৰা হ'ব । আমাৰ মূল লক্ষ্য হৈছে আহি থকা লোকসভা নিৰ্বাচনত সবলভাৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৷ অসম গণ পৰিষদ দল বিজেপি দলৰ মিত্ৰজোঁটৰ অংশীদাৰ (BJP AJP alliance) ৷ আমি মিত্ৰতাৰেই নিৰ্বাচনত অৱতীৰ্ণ কৰিম ৷ কৰবাত আমি প্ৰতিব্দন্দিতা কৰিম, আন কৰবাত আমি মিত্ৰজোঁটক সহায় কৰিব লাগিব ৷ তাৰ বাবে যিমানখিনি প্ৰস্তুতি লাগে আমি ক্ষীপ্ৰতাৰে আৰু তৎপৰতাৰে যাৱতীয় ব্য়ৱস্থা হাতত লৈছো ৷"