পাম অইল খেতিৰ সপক্ষে মত প্ৰকাশ কৃষিমন্ত্ৰী অতুল বৰাৰ গুৱাহাটী, ৫ আগষ্ট : পাম অইলৰ খেতি ৰাজ্যত নকৰিবলৈ বিভিন্ন দল-সংগঠনে বাধা প্ৰদান কৰিছে ৷ সেই সময়তে পাম অইল খেতিৰ সপক্ষে মন্তব্য কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ৷ তেওঁ পাম অইল সন্দৰ্ভত কয় যে, পাম খেতিক লৈ যি প্ৰচাৰ চলিছে তাৰ বৈজ্ঞানিক সত্যতা নাই ৷ চন পৰি ৰোৱা মাটিত এই খেতি কৰা হ’ব ৷ বিভিন্ন দেশৰ কৃষক সকল পাম অইলৰ খেতি কৰি লাভাম্বিত হৈছে ৷ বাণিজ্যিক দৃষ্টিকোণৰ পৰা ই যথেষ্ট লাভদায়ক ৷ অৰ্থনৈতিক ভাৱে পাম খেতি কৰাৰ যথেষ্ট থল আছে বুলি কয় তেওঁ ৷
মন্ত্ৰীজনে লগতে কয় যে, বাহিৰৰ পৰা ভাল জাতৰ পামৰ বীজ অনা হৈছে ৷ ধান খেতিত যিমান পানী লাগে তাতকৈ পাম খেতিত কম পানী লাগে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ পাম অইল খেতি কৰিলে মৰুভূমি সদৃশ পৰিৱেশ হ’ব বুলি ভবা কথা সঁচা নহয় বুলি মন্তব্য কৰে তেওঁ ৷
8 আগষ্টত পাম অইলৰ উপৰত কেন্দ্ৰীয়ভাৱে এক বিশেষ অনুষ্ঠান হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷ তিনিচুকীয়া জিলাৰ ধলাত এই বিশেষ কাৰ্যসূচী হ’ব বুলি কয় তেওঁ ৷ মন্ত্ৰীজনে কয় যে, এই খেতিৰ বাবে পতঞ্জলিয়ে কিছু মাটি ধলাত লৈছে ৷ এই কাৰ্যসূচীত পতঞ্জলিৰ তৰফৰ পৰা বাব ৰামদেব উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কামৰ শুভাৰম্ভ কৰিব বুলি কয় তেওঁ ৷
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে পাম অইলৰ খেতি কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলক লক্ষ্য কৰি লৈছে ৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৩ লাখ ২৮ হাজাৰ হেক্টৰ মাটিত পাম তেলৰ খেতি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰিছে ৷ মালয়েছিয়া, ইণ্ডোনেছিয়া, পাপুৱা নিউগিনিৰ দৰে দেশে পাম অইল উৎপাদন কৰি যথেষ্ট পৰিৱেশগত লোকচানৰ সন্মুখীন হৈছে ৷ যাৰ বাবে অসমত পাম অইলৰ খেতিৰ বিৰোধীতা কৰিছে বিভিন্ন দল-সংগঠনে ৷
লগতে পঢ়ক :Guwahati Traffic: গুৱাহাটী মহানগৰীৰ শিৰত যান-বাহনৰ অভাৱনীয় বোজা; দৈনিক চলাচল 10 লক্ষাধিক বাহনৰ