গুৱাহাটী, 20 এপ্ৰিল :বুধবাৰে সামৰণি পৰিব গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) ৰ বাবে যুদ্ধকালীন তৎপৰতা চলাইছে শাসক, বিৰোধী দলৰ প্ৰাৰ্থী তথা ৰথী-মহাৰথীসকলে । ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক নেতা-পালিনেতাসকল ।
বাদ পৰি ৰোৱা নাই অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা ৷ গুৱাহাটী পৌৰ নিগমৰ 49 নং ৱাৰ্ডৰ মিত্ৰজোঁট সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসীম শইকীয়াৰ হকে মঙলবাৰে সাতগাঁৱৰ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী বৰাই (Atul Bora campaigns for GMC Election) । সাতগাঁৱৰ দলবাৰী বাথৌ মন্দিৰ প্ৰাংগণত বিয়লি প্ৰায় 5 বজাৰ পৰা অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভা ৷
এই সভাতে মন্ত্ৰীগৰাকীয়ে কয় যে, পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট চৰকাৰৰ সফলতাৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 বিজেপি মিত্ৰজোঁট চৰকাৰৰ জয়ী হ’ব ৷ সেয়া বৰ্তমান পানীৰ দৰে স্পষ্ট হৈ পৰিছে ।