অসম

assam

ETV Bharat / state

পিতৃ-ককাকৰ নামত মাটি থাকিলেও পাব পিএম কিষাণৰ সুবিধা - আঁচনি

সোমবাৰে গুৱাহাটীত কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী পুৰোষোত্তম ৰূপালা (Purusottam Rupala)ৰ সৈতে বৈঠকত ভাগ লয় ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora)ই ৷ যিসকল প্ৰকৃত খেতিয়কৰ কৃষিভূমি পিতৃ বা ককাকৰ নামত আছে, তেওঁলোকেও যাতে পিএম কিষাণৰ সুবিধা পাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় কৃষিমন্ত্ৰীগৰাকীয়ে ৷

minister atul bora meeting
কৃষিমন্ত্ৰীৰ বৈঠক

By

Published : Jul 5, 2021, 6:09 PM IST

গুৱাহাটী, 5 জুলাই : অসমত কাৰ্যকৰী হৈ থকা কৃষি বিভাগৰ বহু কেইখন কেন্দ্ৰীয় আঁচনিৰ অগ্ৰগতিৰ বুজ ল’বলৈ অহা কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী পুৰোষোত্তম ৰূপালা (Purusottam Rupala)ৰ সৈতে সোমবাৰে গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয় ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora) ৷ বৈঠকত মন্ত্ৰী বৰাই কয় যে, ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান’ নামেৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা আঁচনিখনৰ নামত কৃষক নোহোৱাকৈয়ে বহু লোকে চৰকাৰৰ ধন আদায় কৰি নিয়াৰ বহু ঘটনা পোহৰলৈ অহাৰ পাচত ইতিমধ্যে তেনে বহু হিতাধিকাৰীৰ পৰা ধন ঘূৰাই অনা হৈছে ৷ লগতে বহুতৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰে আগবঢ়া হৈছে ।

তেওঁ কয় যে, একে সময়তে এই কথাও সত্য যে কেৱল নিজৰ নামত কৃষিভূমি নথকাৰ বাবেও বহু প্ৰকৃত কৃষক পিএম কিষাণ (PM Kisan)ৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে । গতিকে এই পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীক এই বিষয়টোৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰা হৈছে ৷ যিসকল প্ৰকৃত খেতিয়কৰ কৃষিভূমি পিতৃ বা ককাকৰ নামত আছে, তেওঁলোকেও যাতে এই সুবিধা পাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

কৃষিমন্ত্ৰীৰ বৈঠক

ইতিমধ্যে দেশজুৰি চলি আছে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি । এই আঁচনিখনৰ লাভ যাতে অসমৰ কৃষকে আদায় কৰিব পাৰে তাৰ বাবেও ৰাজ্যৰ কৃষি বিভাগে পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীয়ে । কিয়নো সময়ে সময়ে অসমৰ কৃষকসকল বিভিন্ন দুৰ্যোগৰ মুখামুখি হৈ আহিবলগীয়া হৈছে । কেতিয়াবা বান, কেতিয়াবা শুৰ পোক আদি বিভিন্ন দুৰ্যোগে দেখা দিয়া পৰিলক্ষিত হয় । সেয়েহে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিয়ে তেনে খেতিয়কসকলক উপকৃত কৰিব বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে, কৃষিৰ লগতে পশুপালন বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ এই দুয়োটা বিভাগতে খুবেই সোনকালে প্ৰায় পাঁচ হাজাৰ নতুন পদত নিযুক্তি দিয়া হ’ব । অসম কৃষি বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক এই নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে কোৱা হৈছে বুলি মন্ত্ৰী বৰাই মন্তব্য কৰে ।

লগতে পঢ়ক :ৰোগীৰ blood test ৰ নামত ভূৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

ABOUT THE AUTHOR

...view details