গুৱাহাটী, ৬ এপ্ৰিল: লক্ ডাউনৰ ফলত ৰাজ্যৰ কৃষক সমাজ ব্যাপক লোকচানৰ মুখামুখি হ'ব লগীয়া হৈছে । গতিকে এই সময়ত কৃষক সকলক সামান্য পৰিমাণে হ'লেও সকাহ দিয়াৰ চিন্তা কৰিছে ৰাজ্যৰ কৃষি বিভাগে । আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে কৃষি মন্ত্ৰী অতুল বৰাই । সোমবাৰে দিছপুৰৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত সংবাদমেলত ভাগ লৈ বৰাই কয় যে, ৰাজ্যত আলুকে ধৰি বিভিন্ন ৰবি শস্য প্ৰতি বছৰে বহু বেছিকৈ উৎপাদন হয় আৰু সেইসমূহ বিভিন্ন ৰাজ্যলৈ কৃষকসকলে ৰপ্তানি কৰে । কিন্তু এইবাৰ লক্ ডাউনৰ বাবে ৩,৫৭১ মেট্ৰিক টন শস্য নষ্ট হৈছে ।
গতিকে এই লোকচান দূৰ কৰিবলৈ কৃষি বিভাগে কেতবোৰ ব্যৱস্থা হাতত লৈছে । তাৰেই অংশ হিচাপে RKVY শিতানত ৪.৭০ কোটি টকা মোকলাই দিয়া হৈছে । এই পুঁজিৰে কৃষকক বিভিন্ন ৰবি শস্যৰ বীজ যোগান ধৰা হ'ব । কৃষকৰ অসুবিধা দূৰ কৰিবলৈ কাইলৈৰ পৰা এটা ট'ল ফ্ৰী নম্বৰো কৃষি বিভাগে মুকলি কৰিব, যাৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ বিভিন্ন অসুবিধাৰ কথা জনাব পাৰিব । লক্ ডাউনৰ ফলত প্ৰধানকৈ ১৬ খন জিলাৰ খেতিয়ক লোকচানৰ সন্মুখীন হৈছে ।