গুৱাহাটী,১০ জানুৱাৰী :পুনৰ ছুপাৰ ছাকাৰ মেচিনৰ প্ৰসংগ (Super sucker controversy in Assam)। উল্লেখ্য যে গুৱাহাটীৰ নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে অনা ছুপাৰ ছাকাৰ মেচিনক লৈ বিগত সময়ত বিতৰ্কৰ সূচনা হৈছিল । অত্যাধুনিক ছুপাৰ ছাকাৰ মেচিন কাৰ্যক্ষেত্রত প্ৰয়োগ কৰাৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগম কাৰ্যতঃ ব্যৰ্থ হৈছিল । দীৰ্ঘদিন ধৰি বিভিন্ন কাৰণত পৰি আছিল ছুপাৰ ছাকাৰ মেচিন ।
এতিয়া পুনৰ ব্যৱহাৰ কৰা হৈছে এই অত্যাধুনিক ছুপাৰ ছাকাৰ মেচিন (Super sucker used in Guwahati)। মঙলবাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ ৰুক্মিণী গাঁৱত বাহিনী নদীৰ পাৰত গুৱাহাটী পৌৰ নিগমৰ ছুপাৰ ছাকাৰ মেচিনৰ কাম-কাজৰ তদাৰক কৰে ।
উল্লেখ্য যে এই অত্যাধুনিক নিষ্কাষণ যন্ত্ৰ ব্যৱহাৰ কৰি প্ৰশিক্ষিত প্ৰযুক্তিবিদ আৰু গুৱাহাটী পৌৰ নিগমৰ বিষয়াসকলৰ দ্বাৰা ৰুক্মিণীগাঁৱৰ বাহিনী নদীত চলি আছে গেদ নিষ্কাষণ প্ৰক্ৰিয়া । মঙলবাৰে মন্ত্রী সিংঘালে এই প্ৰক্ৰিয়াৰ বুজ লয় (Ashok Singhal supervised operation of super sucker)। সংবাদ মাধ্যমৰ আগত মন্ত্রী সিংঘালে কয় যে পৌৰ নিগমৰ কৰ্মচাৰীসকলে মেছিনৰ বিপৰীতে মেনুৱেলি কাম কৰিব বিচাৰে । যিসকল ইচ্ছাকৃতভাৱে এনে কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আগলৈয়ো হৈ থাকিব (Negligence of GMC in use of Super sucker)।
চৰকাৰৰ ব্যৱস্থাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰি তেওঁ কয় যে গুৱাহাটীৰ চৌদিশে নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ কাম চলি আছে । আৱৰ্জনা নিষ্কাসণৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমৰ লগতে ৰাইজৰ তৰফৰ পৰাও খেলি-মেলি আছে বুলি সদৰি কৰি তেওঁ কয় যে নলা চাফা কৰিব যাওতে বহু পৰিমাণৰ মদৰ বটল ওলায় । নলা-নৰ্দমাত এনেদৰে মদৰ বটল তথা জাৱৰ পেলোৱাটো সমীচিন নহয় ।
তেওঁ লগতে কয় যে ভাৰতৰ বিভিন্ন চহৰত ছুপাৰ ছাকাৰ মেচিনৰ যোগেদি নলা-নৰ্দমাৰ জাৱৰ চাফা কৰা যেতিয়া গুৱাহাটীত কিয় নহ'ব । গুৱাহাটী পৌৰ নিগমে ইচ্ছাকৃতভাৱে ছুপাৰ ছাকাৰ মেচিনৰ সমগ্ৰ প্ৰকল্পটো ব্যৰ্থ কৰিব বিচাৰিছিল । কিন্তু হেঁচা দিয়াত এতিয়া কৰিবলৈ লৈছে বুলি তেওঁ কয় ।