অসম

assam

ETV Bharat / state

Micro Finance Loan : কোনে কোনে লাভ কৰিব ঋণৰ ৰেহায়ৰ সুবিধা ?

শুকুৰবাৰে জনতা ভৱনত মাইক্ৰ’ ফাইনেন্স ঋণ (micro finance loan) সন্দৰ্ভত সংবাদমেল সম্বোধন মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal)ৰ ৷ কোনে কোনে মাইক্ৰ’ ফাইনেন্সৰ ঋণত ৰেহাই লাভ কৰিব, সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷

ashok singhal pressmeet
অশোক সিংঘালৰ সংবাদমেল

By

Published : Jun 11, 2021, 10:04 PM IST

গুৱাহাটী,11 জুন : মাইক্ৰ’ ফাইনেন্স ঋণ (micro finance loan) সন্দৰ্ভত শুকুৰবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal)য়ে ৷ সংবাদমেলযোগে কোনে কোনে মাইক্ৰ’ ফাইনেন্সৰ ঋণত ৰেহাই লাভ কৰিব, সেই সন্দৰ্ভত মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(himanta biswa sarma)ই প্ৰথম কেবিনেটতে মাইক্ৰ’ ফাইনেঞ্চ ঋণক লৈ সমিতি গঠন কৰি দিয়া বুলি মন্তব্য কৰি মন্ত্ৰী অশোক সিংঘালে কয় যে, সমিতি গঠনৰ পাচত 3 বাৰ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অংশীদাৰীসকলৰ (stakeholder) সৈতে ঋণ সম্পৰ্কে আলোচনা কৰা হৈছিল ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান এই ঋণত 40 জন লেণ্ডাৰ, 24 লাখ গ্ৰাহক, 45 লাখ বেংক একাউন্ট, 12,500 কোটি ঋণ আৰু সুদ আছে ৷ 2020 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ঋণ লোৱাসকলেহে মুখ্যমন্ত্ৰীয়ে গঠন কৰা সমিতিৰ আওঁতালৈ আহিব ৷ যদি কোনো ঋণৰ এনপিএ (NPA) হৈ গৈছে, তেন্তে তেনে ঋণ লোৱাসকল সমিতিৰ আওঁতালৈ নাহিব ৷ কোনো পৰিয়ালৰ বছৰি আয় এক লাখৰ ওপৰত হ’লে তেওঁলোকো আওঁতালৈ নাহিব ৷ টেক্স, চাৰিচকীয়া বাহন থকাসকল ইয়াৰ বাহিৰত থাকিব ৷ কেৱল দুখীয়াসকল সন্মানেৰে জীয়াই থাকিবলৈহে মুখ্যমন্ত্ৰীয়ে এই ব্যৱস্থা লৈছে বুলি মন্ত্ৰী অশোক সিংঘালে সদৰি কৰে ৷

অশোক সিংঘালৰ সংবাদমেল

তেওঁ কয় যে, গ্ৰাম্য পৰিয়ালৰ যিসকলৰ বছৰি উপাৰ্জন এক লাখতকৈ কম, তেওঁলোককহে মাইক্ৰ’ ফাইনেঞ্চ ঋণ দিব পাৰে ৷ প্ৰথম 60 হাজাৰ আৰু পৰ্যায়ক্ৰমে এক লাখলৈ ঋণ দিব পাৰে ৷ কোনো ঋণৰ সময় 24 মাহৰ কম হ’ব নোৱাৰিব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ নিৰ্দেশনাত কোৱা আছে ৷ ইতিমধ্যেই 26 লাখ মহিলাই মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লৈছে ৷ ৰিজাৰ্ভ বেংকৰ নিয়ম নমনাসকলৰ বিৰুদ্ধে ব্যৱস্থা শীঘ্ৰেই ব্যৱস্থা লোৱা হ’ব ৷ কিয়নো প্ৰতিষ্ঠানসমূহে নিয়ম মানিলেহে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা যাব ৷

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লোৱাৰ পূৰ্বে বহু পৰিয়াল কষ্টত আছিল ৷ দুখীয়া পৰিয়ালক সহায় কৰাৰ বাবে চৰকাৰে আছাম মাইক্ৰ’ ফাইনেঞ্চ এক্ট (Assam Micro Finance Act) কাৰ্যকৰী কৰিছিল ৷ ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনা মতে, যিসকলে সুদ দিছে তেওঁলোককহে ভাল ঋণ লোৱা বুলি ধৰা হ’ব ৷ ৰাজ্যত সম্প্ৰতি 33 টা মাইক্ৰ’ ফাইনেন্স প্ৰতিষ্ঠান, 3 টা বেংক আৰু 4 টা ক্ষুদ্ৰ বেংক আছে ৷ যেতিয়াই ৰিজাৰ্ভ বেংকৰ নিয়ম অমান্য হ’ব, তেতিয়াই চৰকাৰে হস্তক্ষেপ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ

ABOUT THE AUTHOR

...view details