অসম

assam

ETV Bharat / state

বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰা হ’ব মহানগৰীৰ নলা : অশোক সিংঘাল

মঙলবাৰে গুৱাহাটী মহানগৰীৰ নলা-নর্দমা চাফা কৰা নিবিদা বাতিল সন্দৰ্ভত জলসিঞ্চন বিভাগ (Irrigation Department)ৰ অভিযন্তা আৰু শীৰ্ষ বিষয়াৰে এক বৈঠকত মিলিত হয় মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal) ৷ উক্ত বৈঠকত নলা-নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে চাফ-চিকুণ কৰাৰ বাবে গুজৰাটৰ মডেলটো অনুসৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ashok singhal pressmeet
অশোক সিংঘালৰ সংবাদমেল

By

Published : Jun 15, 2021, 5:31 PM IST

Updated : Jun 15, 2021, 7:36 PM IST

গুৱাহাটী, 15 জুন : জলসিঞ্চন বিভাগ (Irrigation Department)ৰ অভিযন্তা আৰু শীৰ্ষ বিষয়াৰে মঙলবাৰে এক বৈঠকত মিলিত হয় মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal) ৷ সংবাদমেলত জলসিঞ্চন বিভাগৰ অধীনত থকা গুৱাহাটী মহানগৰীৰ নলা-নর্দমা চাফা কৰা নিবিদা বাতিল সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

সংবাদমেলযোগে তেওঁ কয় যে, আগন্তুক 6 মাহৰ ভিতৰত 50 হাজাৰ হেক্টৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ ব্যৱস্থা কৰা হ’ব । আগন্তুক এবছৰৰ ভিতৰত এক লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব । ইয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা আৰম্ভ হৈছে ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ধনশিৰি জলসিঞ্চন প্ৰকল্পৰ কামো সম্পূৰ্ণ হৈ উঠিব । এই ভেত্ৰত ৰাজ্যৰ প্ৰত্যেক ব্লকত কৃষি, শক্তি আদি বিভাগৰ বিষয়াক লগত লৈ প্ৰধানমন্ত্ৰী কৃষক যোজনাৰ তথা স্থানীয় জলসিঞ্চন ব্যৱস্থাৰ পৰিদৰ্শন কৰা হ’ব ৷

অশোক সিংঘালৰ সংবাদমেল

1983ৰ জলসিঞ্চন আইন (Irrigation Act 1983)খন কৃষকমুখী কৰাৰ লগতে জলসিঞ্চন বিভাগটো কৃষকৰ হৈ কাম কৰাৰ বাবে তথা জনমুখী কৰাৰ বাবে পুনঃগঠন কৰা হ’ব । কেৱল কাগজে-কলমে বিভাগটো ভাল হ’লেই নহ’ব, মানুহে বিভাগীয় কামসমূহ ভাল পাব লাগিব আৰু এই ক্ষেত্ৰত বিভাগটোৰ সংস্কাৰ সাধন কথাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, ইতিমধ্যে গুৱাহাটীৰ নলা-নর্দমা পৰিস্কৰণৰ কাম কৰি থকা 71 গৰাকী ঠিকাদাৰৰ ঠিকাৰ চুক্তি শনিবাৰে এক পত্ৰযোগে বাতিল কৰা হৈছিল । মুঠ 132 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী মহানগৰীৰ মুঠ 700 টা নলা-নর্দমা নিষ্কাশনৰ কাম আৰম্ভ হাোৱাৰ মাত্ৰ এমাহৰ পাচতে সমগ্ৰ প্ৰক্ৰিয়াটো বাতিল কৰা হৈছে ।

নলা চাফা কৰাৰ ক্ষেত্ৰত গুজৰাটৰ মডেল (Gujarat Model)টো অনুসৰণ কৰা হ’ব বুলি মন্ত্ৰী অশোক সিংঘালে জানিবলৈ দিয়ে ৷ বৰ্তমান নলা-নৰ্দমা চাফ-চিকুণ প্ৰক্ৰিয়াটো অৰ্থহীন হিচাপে আখ্যা দিয়ে মন্ত্ৰী সিংঘালে । তেওঁ সদৰি কৰা মতে, এই নলা-নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে চাফ-চিকুণ কৰাৰ পৰিকল্পনাৰ কৰা হৈছে ৷

লগতে পঢ়ক :যোৰহাটৰ ধুবী ঘাটত ড্ৰাগছ সেৱনকাৰী কৰায়ত্ব

Last Updated : Jun 15, 2021, 7:36 PM IST

ABOUT THE AUTHOR

...view details