গুৱাহাটী, 20 নৱেম্বৰ : অচিৰেই দীপৰ বিলক নতুন ৰূপত সজাই তোলা হ’ব বুলি মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহলে ৷ দীপৰ বিলত চলি থকা "ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট 2023'' শীর্ষক জলক্ৰীড়া মহোৎসৱৰ অনুষ্ঠানত সোমবাৰে অংশগ্ৰহণ কৰি মন্ত্ৰী অশোক সিংহলে এই কথা সদৰি কৰে ৷
মন্ত্ৰী অশোক সিংহলে কয় যে, বিলৰ পাৰত যি ঠাইত এই উৎসৱ অনুষ্ঠিত হৈছে সেইখিনি ঠাইৰো উন্নয়ন কৰা হ'ব ৷ তেওঁ জনায় যে দীপৰ বিলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে ৷ পৰৱৰ্তী সময়ত দীপৰ বিলত নৌকা চালনা, ৰয়িং, মটৰ বটিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া অনুষ্ঠিত হ'ব ৷ এই ক্ষেত্ৰত স্থানীয় লোকৰ কৰ্মসংস্থাপনৰ বাবেও চিন্তা কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
মন্ত্ৰীজনে নৌকা ভ্ৰমণ কৰি বিলখনৰ পৰিৱেশৰ বুজ লয় ৷ উল্লেখ্য যে ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ স্মৃতি যুগমীয়া কৰা আৰু বীৰ লাচিত বৰফুকনৰ সাহসিকতাৰ প্ৰচাৰৰ লক্ষ্যৰে ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ডৰ অধীনৰ ৰেড হৰ্নছ ডিভিজন আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত দীপৰ বিলত 17 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল "ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট 2023'' শীর্ষক জলক্ৰীড়া মহোৎসৱ ৷
দীপৰ বিলৰ পাৰত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ জেনেৰেল কমাণ্ডিং অফিচাৰ লেফটেনেন্ট জেনেৰেল মনীষ এৰীয়ে এই জলক্ৰীড়া মহোৎসৱৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল ৷
উল্লেখ্য যে মহোৎসৱৰ লগত সংগতি ৰাখি দীপৰ বিলত নৌকা চালনা ৰয়িং, মটৰ বটিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া অনুষ্ঠিত হয় ৷ তদুপৰি মহোৎসৱৰ লগত সংগতি ৰাখি কেবাটাও আত্মসহায়ক গোটৰ সহযোগিতাত এখন আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয় ৷ মহোৎসৱস্থলীত মহাবীৰ লাচিত বৰফুকনকে ধৰি কেইবাগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি একেলগে সুন্দৰকৈ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হয় ৷
সোমবাৰে সামৰণি পৰিব লগা এই উৎসৱৰ চতুৰ্থ দিনৰ কাৰ্যসূচীত সেনা বাহিনীয়ে বিলত নৌকা চালনা আৰু সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিব ৷ মন্ত্ৰীগৰাকীয়ে বিলখনত নৌকা ভ্ৰমণ কৰি চৌপাশৰ পৰিবেশৰ বুজ লয় ৷ পৰ্যটনৰ যথেষ্ট সম্ভাৱনা থকাৰ পিছতো চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা নাই বিলখনৰ প্ৰতি ৷ এইবেলিও অচিৰেই এই বিলখনক নতুন ৰূপত সজাই তোলা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু চৌদিশে এতিয়া বেদখল আৰু পানীভাগ প্ৰদূষিত হোৱাত মনোৰম বিলখনলৈ সংকট নামি আহিছে ৷
লগতে পঢ়ক :চৌকিডিঙি বজাৰত সংঘটিত পথ দুৰ্ঘটনা নিহত-আহতৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ ৰাইজৰ