অসম

assam

ETV Bharat / state

Minister Ashok Singhal on a city bus: যাত্রীৰ ৰূপত চিটিবাছত উঠি সমস্যাৰ বুজ লোৱাৰ চেষ্টা মন্ত্রী অশোক সিংঘালৰ - Guwahati Municipal Corporation

সাধাৰণ যাত্ৰীৰ ৰূপত চিটিবাছেৰে ভ্ৰমণ কৰি মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰ প্ৰত্যক্ষভাৱে বুজ ল’লে মন্ত্ৰী অশোক সিংঘালে । পল্টন বজাৰস্থিত পৌৰ নিগমৰ দৈনিক বজাৰো পৰিদৰ্শন কৰি ব্যৱসায়ীৰে মত বিনিময় কৰিলে মন্ত্রীগৰাকীয়ে(Ashok Singhal tries to take stock of problem) । পৌৰ নিগমৰ অধীনৰ অৰ্ধনিৰ্মিত বজাৰ গৃহসমূহ সোনকালে সম্পূৰ্ণ কৰাৰ লগতে বজাৰসমূহত পৰিষ্কাৰ-পৰিচ্চন্নতা সুনিশ্চিত কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Minister Ashok Singhal on a city bus
সাধাৰণ যাত্ৰীৰ ৰূপত চিটিবাছেৰে ভ্ৰমণ মন্ত্রী অশোক সিংঘালৰ

By

Published : Jan 7, 2023, 6:53 PM IST

গুৱাহাটী,৭ জানুৱাৰী: গুৱাহাটী মহানগৰীত আজি অন্য ৰূপত দেখা গ'ল গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালক(Minister Ashok Singhal as a passenger of city bus) । ৰাজধানী চহৰখনৰ বিভিন্ন সমস্যাৰ বুজ ল'বলৈ মন্ত্রীগৰাকীয়ে সাধাৰণ লোকৰ দৰে বিভিন্ন স্থান পৰিদৰ্শন কৰে । এগৰাকী সাধাৰণ যাত্ৰী হিচাপে তেওঁ চিটিবাছেৰে ভ্ৰমণ কৰি গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনা সমস্যাৰ প্ৰত্যক্ষভাৱে বুজ লয়(Ashok Singhal tries to take stock of problem) ।

চিটী বাছত মন্ত্ৰী অশোক সিংঘাল

মন্ত্ৰীগৰাকীয়ে শনিবাৰে ডাউন টাউন বাছ আস্থানৰ পৰা কাছাৰীলৈ চিটিবাছেৰে যাত্ৰা কৰে আৰু পুনৰ আন এখন চিটিবাছেৰে গণেশগুৰিলৈ উভতি আহি বাছ আস্থানসমূহৰ লগতে সৰ্বসাধাৰণ যাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লয় । যাত্ৰীসকলৰ সৈতে বাতাৰ্লাপ কৰি তেওঁলোকে দৈনন্দিন যাত্ৰাকালত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে বুজ লয় ৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনা ব্যৱস্থা সু-শৃংখলিতকৰণৰ লগতে গুৱাহাটীবাসীৰ পৰিবহণ ব্যৱস্থা মসৃণ কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । শুকুৰবাৰেও এই বিষয় লৈ পৰিবহণ বিভাগ, মহানগৰ আৰক্ষী আৰু অন্যান্য বিষয়ববীয়া সকলৰ সৈতে মন্ত্ৰীগৰাকী দুখনকৈ বৈঠকত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে(Minister for Housing and Urban Affairs Ashok Singhal) ।

গণেশগুৰি বাছ আস্থানত মন্ত্ৰী অশোক সিংঘাল

আনহাতে এই যাত্ৰাকালৰ মাজতে মন্ত্ৰী সিংঘালে গুৱাহাটীৰ পল্টন বজাৰত থকা পৌৰ নিগমৰ(Guwahati Municipal Corporation) দৈনিক বজাৰখনো পৰিদৰ্শন কৰি ইয়াৰ আন্তঃগাঁথনি তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বুজ লয় । তেওঁ বজাৰৰ ব্যৱসায়ীসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ খা-খবৰ লোৱা পৰিলক্ষিত হয় । দোকানসমূহৰ লগতে বজাৰ চৌহদ পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ কৰি ৰখাৰ বাবে তেওঁ ব্যৱসায়ীসকলৰ প্ৰতি আহ্বান জনায় ।

ইয়াৰ পিছতে গণেশগুৰি বাছ আস্থানত সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে এজন জনপ্ৰতিনিধি হিচাপে জনগণৰ বাস্তৱ জীৱন-যাত্ৰাক পোনপটীয়াকৈ উপলদ্ধি কৰাটো তেওঁৰ প্ৰাথমিক কৰ্তব্য । শনিবাৰে চিটিবাছেৰে চহৰৰ একাংশ এলেকা ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে মহানগৰীৰ একাংশ চিটিবাছৰ শৃংখলাবিহীন চলাচলৰ বাবে চহৰখনৰ বহু এলেকাত যান-জঁটৰ সৃষ্টি হৈ আহিছে ।

পল্টন বজাৰৰ দৈনিক বজাৰ পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ

সেইদৰে বাছসমূহে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক যাত্ৰী উঠোৱা, আস্থানসমূহত দীৰ্ঘ সময় ধৰি ৰখাই থোৱা আদি সমস্যাও তেওঁ প্ৰত্যক্ষ কৰিছে । মহিলা আৰু যুৱতী যাত্ৰীসকলেও বাছত যাত্ৰাকালত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ বিষয়ে তেওঁক অৱগত কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইধৰণৰ সকলো সমস্যাৰ সমাধানৰ বাবে পৰিবহণ বিভাগৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব । সেইদৰে পৌৰ নিগমৰ অধীনৰ অৰ্ধনিৰ্মিত বজাৰ গৃহসমূহো সোনকালে সম্পূৰ্ণ কৰাৰ লগতে বজাৰসমূহত পৰিষ্কাৰ-পৰিচ্চন্নতা সুনিশ্চিত কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Minister Dr Nazrul Islam Passes Away: কেৱল ৰাজনীতিকেই নহয়, এগৰাকী সু-চিকিৎসকো আছিল প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম

For All Latest Updates

ABOUT THE AUTHOR

...view details