অসম

assam

ETV Bharat / state

Minister Ashok Singhal: দীপৰ বিলৰ ডাম্পিং গ্ৰ‍াউণ্ডত ১৭০ কোটি টকীয়া অত্যাধুনিক পাৰ্ক - দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ড

গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালৰ(Minister Ashok Singhal) বিভাগ দুটাৰ বিগত বৰ্ষৰ পৰ্যালোচনা আৰু নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভত সাংবাদিকৰে অন্তৰংগ আলাপ । ৰাজ্যৰ ৭,৮৬,০০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে । ২০২৪ চনৰ মাৰ্চত গুৱাহাটীত সম্পূৰ্ণ হ'ব পানী যোগান আঁচনিৰ কাম ।

Minister Ashok Singhal
সাংবাদিকৰে মত বিনিময় মন্ত্ৰী অশোক সিংঘালৰ

By

Published : Jan 3, 2023, 6:18 PM IST

সাংবাদিকৰে মত বিনিময় মন্ত্ৰী অশোক সিংঘালৰ

গুৱাহাটী, ৩ জানুৱাৰী : চৰকাৰীভাৱে যোগান ধৰা পানীৰ ক্ষেত্ৰত মূল্য দিবই লাগিব । কোনো বস্তু বিনামূলীয়া নাথাকে । এই মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ ৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ(Housing and Urban Affairs Irrigation) দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালে মঙলবাৰে বিভাগ দুটাৰ বিগত বৰ্ষৰ পৰ্যালোচনা আৰু নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভত সাংবাদিকৰে অন্তৰংগ আলাপত মিলিত হয় (Minister Ashok Singhal meets journalists)।

গুৱাহাটীৰ নেডফি কনভেনচন চেণ্টাৰত আয়োজন কৰা অনুষ্ঠানটোত মন্ত্ৰী সিংঘালে জাইকাৰ পানী যোগানৰ(JICA Sewerage Project Guwahati) প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে বিনামূলীয়া কোনো বস্তু নাথাকে । ১৪০০-১৫০০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা পানী যোগান আঁচনি গুৱাহাটী জল বোৰ্ডক পৰিচালনা কৰাৰ দায়িত্ব দিয়া হৈছে । আঁচনিখন পৰিচালনা কৰাৰ ক্ষেত্ৰত হোৱা ব্যয় বহন কৰাৰ বাবে উপভোক্তাৰ পৰা স্বাভাৱিকতে খৰচ ল'ব ।

ৰাইজে পানীৰ বাবে বহু টকা খৰচ কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে জাইকাৰ পানী যোগান আঁচনিৰ যোগেদি ৰাইজে ৮-১০ টকা খৰচ কৰি হাজাৰ লিটাৰ পানী পাব । এই খৰচ অতি কম । আনহাতে ৰাইজে অতি কম খৰচত বিশুদ্ধ পানী লাভ কৰিব (Water supply in Guwahati)৷ তেওঁ লগতে কয় যে পৰ্যায়ক্ৰমে পানী যোগান আঁচনিসমূহ মুকলি কৰা হ'ব আৰু ২০২৪ চনৰ মাৰ্চৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব ।

অনুষ্ঠানত জলসিঞ্চন বিভাগৰ প্ৰসংগত তেওঁ কয় যে বিগত বৰ্ষত যোগান ধৰা ৯৬০০ টিউবেলৰ যোগেদি ৩৮৬৪৮ হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ দ্বাৰা ৩৬৭৯৩ গৰাকী কৃষক উপকৃত হৈছে । আনহাতে এছ অ' পি ডিৰ যোগেদিও জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে । ৰাজ্যৰ ৭,৮৬,০০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে জলসিঞ্চনৰ সকলো আঁচনি জিঅ' টেগ কৰা হৈছে ।

ই-অফিচৰ ক্ষেত্ৰত জলসিঞ্চন বিভাগে এছ ডি অ' পৰ্যায়ত ই-অফিচ ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে (E office in Guwahati)৷ তেওঁ লগতে কয় যে জিলা পৰ্যায়ত মাষ্টাৰ প্লেনৰ কাম হাতত লোৱা হৈছে আৰু ইতিমধ্যে ২০ খনৰ কৰা হৈছে । কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে জলসিঞ্চন বিভাগে কৃষকৰ বাবে জলসিঞ্চনৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে (Paddy Procurement in Assam)৷

আনহাতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৬৫,৬৪৯ টা ঘৰ সম্পূৰ্ণ কৰা হৈছে । ইয়াৰে ৭০ শতাংশ কাম বিগত ডেৰ বছৰত হৈছে । অমৃত মিছনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ৯ খন পাৰ্ক সম্পূৰ্ণ কৰা হৈছে । এই বছৰ গুৱাহাটীৰ বটানিকলে গাৰ্ডেনখন মুকলি কৰা হ'ব ।

ইতিমধ্যে গুৱাহাটীত ১০০ খন চি এন জি বাছ মুকলি কৰা হৈছে আৰু শীঘ্ৰেই ২০০ খন ইলেক্ট্ৰিক বাছ মুকলি কৰা হ'ব (CNG bus in Guwahati)৷ আনহাতে জাগীৰোডত এহাজাৰ একৰ ভূমিত 'উপগ্ৰহীয় চহৰ' নিৰ্মাণৰ পৰিকল্পনা কৰি এইক্ষেত্ৰত কাম হাতত লোৱা হৈছে বুলি তেওঁ কয় (Jagiroad satellite town)৷

তেওঁ লগতে কয় যে দীপৰ বিলৰ জাৱৰ নিষ্কাসন কৰা ক্ষেত্ৰত ১৭০ কোটি টকা ব্যয় সাপেক্ষে এখন অত্যাধুনিক পাৰ্ক নিৰ্মাণ কৰা হ'ব । আনহাতে দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডত জমা হৈ থকা ১৭ লাখ মেট্ৰিক টন আৱৰ্জনাক প্ৰচেছিং কৰা হ'ব । তেওঁ লগতে কয় যে গুৱাহাটী পৌৰ নিগমে বিগত তিনি মাহত ২৫ কোটি টকা বকেয়া আদায় কৰিবলৈ সক্ষম হৈছে আৰু বিত্তীয় বৰ্ষটোত ৭০ কোটি টকা সম্পত্তি কৰ লাভ কৰিছে ।

ৰাজ্যৰ প্ৰতিখন চহৰৰ বাবে মাষ্টাৰ প্লেন হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত গঠন কৰা হ'ব উন্নয়ন সমিতি । অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে বিভাগ দুটাৰ বিভিন্ন কৰ্মসূচী সম্পৰ্কে উল্লেখ কৰে । অনুষ্ঠানত দুয়োটা বিভাগৰে কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক:JPP merged programme: আজি সন্ধিয়া বিজেপিত চামিল হ’ব দেউৰী আঞ্চলিক শক্তি জিম'চাঁয়া

ABOUT THE AUTHOR

...view details