অসম

assam

ETV Bharat / state

Flood in Guwahati: জনতা ভৱনত ‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক - Flood review meeting

‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত বৈঠকত মিলিত মন্ত্ৰী অশোক সিংহল ৷ জনতা ভৱনত বানপানী সমস্যা সমাধানৰ বাবে দায়িত্ব দিয়া বিভিন্ন বিভাগৰ বিষয়াক যাৱতীয় পৰামৰ্শ প্ৰদান সিংহলৰ ৷

Flood in Guwahati
Flood in Guwahati

By

Published : Jun 10, 2023, 10:56 PM IST

গুৱাহাটী, ১০ জুন:বাৰিষাৰ প্ৰথমজাক বৰষুণে শনিবাৰে ডুবাই পেলালে গুৱাহাটীৰ একাংশ (Flood in Guwahati) ৷ যেন উটি গ’ল চৰকাৰৰ কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি ৷ এতিয়া তৰা-নৰা ছিগিছে চৰকাৰৰ ৷

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে (Minister Ashok Singhal) শনিবাৰে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, লোক নিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ, গুৱাহাটী পৌৰ নিগম আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

সমাগত বাৰিষাকালত গুৱাহাটী মহানগৰীৰ ৰাইজে যাতে কৃত্ৰিম বানপানীৰ সমস্যাত বৰ বেছি দুৰ্ভোগ ভুগিবলগীয়া নহয়, সেয়া নিশ্চিত কৰাৰ বাবে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ৰ অধীনত বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্বৰ অগ্ৰগতিৰ বিষয়ে বৈঠকত মন্ত্ৰী সিংহলে বিশদভাৱে পৰ্যালোচনা কৰে আৰু কাম-কাজৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ কাৰ্যকৰীভাৱে সমাধানৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে (Flood review meeting) ৷

লগতে পঢ়ক:Silsako Eviction: শিলসাঁকোত উত্তপ্ত পৰিস্থিতি; জৰীপ চলাবলৈ উপস্থিত বৃহৎ আৰক্ষীৰ দল

উল্লেখযোগ্য যে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ৰ অধীনত মহানগৰীৰ বিভিন্ন নদী তথা নলা-নৰ্দমা পৰিস্কৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (GMDA), জলসম্পদ বিভাগ, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম আদিক সুকীয়া সুকীয়াকৈ বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু সেইবোৰৰ কামত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে বুলি সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে (Artificial flood in Guwahati) ৷

মহানগৰীৰ ৱায়াৰলেছ, হাতীগাঁও, ৰুক্মিণীগাঁও আদি অঞ্চলত চলি থকা কাম-কাজৰ পুনৰীক্ষণৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ এক যুটীয়া পৰ্যৱেক্ষণৰ বাবেও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ শনিবাৰৰ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব, সচিবৰ লগতে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ৰ দায়িত্ববাহী অন্যান্য বিভাগৰসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে (Mission flood free Guwahati) ৷

লগতে পঢ়ক:Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি

ABOUT THE AUTHOR

...view details