অসম

assam

By

Published : Oct 26, 2022, 9:12 PM IST

ETV Bharat / state

Minister Ashok Singhal: এশ এবুৰি সমস্যা সমাধানাৰ্থে মন্ত্রী সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধন, যান-বাহন ব্যৱস্থাপনা, পানী যোগান ব্যৱস্থা, মিছন অম্ৰুটৰ কাম-কাজ আদি বিষয়ত মন্ত্ৰী অশোক সিংঘালৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক(Minister Ashok Singhal in Janta Bhawan)। গুৱাহাটী মহানগৰীৰ পথৰ কাষৰ বৈদ্যুতিক খুঁটাসমূহত বিপজ্জনকভাৱে ওলমি থকা তাঁৰসমূহ সংহতকৰণ, গুৱাহাটীৰ চিটি বাছ আস্থান তথা চিটিবাছ চলাচলৰ পথসমূহ পুনৰ নিৰ্ধাৰণ, পুৰণি এছ পি বাংলোৰ চৌহদৰ পৰা পাৱাৰ ষ্টেচন আৰু পাইপলাইন স্থানান্তৰকৰণ, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ৯ খন চহৰত পানীযোগান আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা আদি বিষয়ত আলোচনা(several meetings by minister Ashok Singhal)।

Minister Ashok Singhal holds an important meeting at Janata Bhawan
Minister ashok singhal: জনতা ভৱনত মন্ত্রী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,২৬ অক্টোবৰ: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধন, যান-বাহন ব্যৱস্থাপনা, পানী যোগান ব্যৱস্থা, মিছন অম্ৰুটৰ কাম-কাজ আদি বিষয়ত সুকীয়া সুকীয়াকৈ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Minister Ashok Singhal in Janta Bhawan)। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল), জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসম্পদ বিভাগ, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আদিৰ বিষয়ববীয়া তথা কৰ্তব্যত নিয়োজিত অভিযন্তা আৰু ঠিকাদাৰসকলৰ সৈতে হোৱা প্ৰথমখন বৈঠকত সিংঘালে পাণবজাৰস্থিত পুৰণি এছ পি বাংলোৰ চৌহদৰ পৰা পাৱাৰ ষ্টেচন আৰু পাইপলাইন স্থানান্তৰৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ।

Minister ashok singhal: জনতা ভৱনত মন্ত্রী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে দ্বিতীয়খন বৈঠকত গুৱাহাটী মহানগৰীৰ পথৰ কাষৰ বৈদ্যুতিক খুঁটাসমূহত বিপজ্জনকভাৱে ওলমি থকা তাঁৰসমূহ আঁতৰোৱাৰ বিষয়ে আলোচনা কৰা হয় । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, এ পি ডি চি এল, বি এছ এন এল, এমট্ৰ’ন আদিৰ বিষয়ববীয়াসকল উপস্থিত থকা বৈঠকত মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ সৌন্দৰ্য হানি কৰা অসংলগ্ন তাঁৰসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । উপযুক্ত কৰ্তৃপক্ষৰ পৰা অনুমতি নোলোৱাকৈয়ে পথৰ কাষৰ বৈদ্যুতিক খুঁটাত কেবল টিভি নেটৱৰ্ক, ব্যক্তিগত ইণ্টাৰনেট সেৱা প্ৰদানকাৰী কোম্পানী আদিয়ে যধে-মধে তাঁৰ ওলমোৱা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি এইক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি তথা আপত্তিবিহীন প্ৰমাণপত্ৰ জাৰিৰ বাবে উপায়ুক্তৰ নেতৃত্বত এক ক্ষমতাসম্পন্ন কতৃৰ্পক্ষ গঠনৰো তেওঁ পোষকতা কৰে । এইক্ষেত্ৰত যাৱতীয় নিয়মাৱলী যুগুতৰ লগতে সকলো পক্ষৰে মতামত গ্ৰহণৰ বাবে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে এক যুটীয়া আলোচনাৰ আয়োজন কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ।

ইফালে গুৱাহাটী মহানগৰীৰ ক্ৰমবৰ্ধমান যান-বাহনৰ উপযুক্ত ব্যৱস্থাপনা তথা যান-জঁট নিয়ন্ত্ৰণৰ উপায় উদ্ভাৱনৰ বাবেও মন্ত্ৰী সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া(Mayor Mrigen Sarania), মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিং, পৌৰ নিগমৰ আয়ুক্ত, গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক, যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত, জিলা পৰিবহণ বিষয়া আদিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা পথ সুৰক্ষা সমিতি তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ নেতৃত্বত মহানগৰ আৰক্ষী, গুৱাহাটী পৌৰ নিগম আদিৰ বিষয়ববীয়াক লৈ মহানগৰীৰ ট্ৰেফিক ব্যৱস্থাপনাৰ পুনঃ জৰীপৰ বাবে এখন বিশেষ সমিতি গঠনৰ নিৰ্দেশ দিয়ে ।

এই সমিতিয়ে গুৱাহাটীৰ চিটি বাছ আস্থানসমূহ পুনৰ নিধাৰ্ৰণ কৰা, চিটি বাছৰ নিৰ্দিষ্ট পথসমূহ সংহত কৰা, এটা পথত একে সময়তে চলিব পৰা সৰ্বাধিক বাছৰ পৰিমাণ নিধাৰ্ৰণ কৰা, আস্থানত বাছ ৰোৱাৰ সময়, দুখন বাছ চলাচলৰ মাজৰ সময়ৰ ব্যৱধান, কেতবোৰ স্থানৰ অটোৰিক্সা আৰু টেক্সি ষ্টেণ্ডৰ স্থানান্তৰকৰণ আদি বিষয়ত প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিব(Transport department guidelines) ।

যান-জঁট নিয়ন্ত্ৰণৰ বাবে মহানগৰীৰ কেতবোৰ পথ একমুখী (ওৱান ৱে’) কৰাৰো তেওঁ পোষকতা কৰে । সংহত যান-বাহন ব্যৱস্থাপনাৰ অধীনত ৭ নৱেম্বৰৰ পৰা ই-চালান যোগে মাছুল সংগ্ৰহৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ তেওঁ যান-বাহন আৰক্ষীক নিৰ্দেশ দিয়ে((E Ticket facility in Guwahati city bus))। আনহাতে মহানগৰীৰ প্ৰধান পথসমূহৰ সংযোগ স্থলসমূহৰ পদপথৰ কাষত থকা খুচুৰা ব্যৱসায়ৰ স্থানসমূহৰ বিকল্প স্থান বিচাৰি উলিয়াবলৈ তেওঁ গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে(Street vendors in Guwahati) । বৈঠকত মহানগৰীৰ মাজেৰে লেহেমীয়া গতিৰে ৰে’লৰ চলাচল, ঘাইপথৰ কাষৰ ছাৰ্ভিচ লেনসমূহৰ যান-জঁট, বাছ আস্থানসমূহত ফলকৰ ব্যৱস্থা আদি বিষয়তো আলোচনা কৰা হয় ।

মন্ত্ৰী সিংঘালে আজি গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰো বুজ লয় । আনহাতে আজিৰ অন্তিমখন বৈঠকত মন্ত্ৰীগৰাকীয়ে ‘অম্ৰুট’ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ ৯ খন চহৰ ক্ৰমে তিনিচুকীয়া, উত্তৰ লখিমপুৰ, তেজপুৰ, কোকৰাঝাৰ, টংলা, কাছাৰৰ লক্ষীপুৰ, যোৰহাট, ঢেকিয়াজুলি আৰু শিৱসাগৰত হাতত লোৱা পানী যোগান আঁচনি কেইখনৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ৷ এই বৈঠকত 'অম্ৰুট'ৰ অভিযান সঞ্চালক স্বপ্নীল পাল প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:NEEPCO released water: নীপকোৱে এৰা ৰঙানদী প্ৰকল্পৰ পানীত পাঁচনৈত হাহাকাৰ

ABOUT THE AUTHOR

...view details