গুৱাহাটী, ২ জুলাই: গুৱাহাটী পৌৰ নিগমৰ ব্যৰ্থতা উদঙালে খোদ ass_ghy_04_minister_ ashok_ singhal_ exposed _ gmcs_ failure _video_7210450ৰ (Minister Ashok Singhal admits failure in disposal of garbage)। জুলাই মাহত পানী যোগানৰ প্ৰতিশ্ৰুতিক লৈ বেবেৰিবাং উত্তৰ মন্ত্ৰী অশোক সিংঘালৰ । মন্ত্ৰীৰ ওচৰত কোনো প্ৰশ্নৰে নাই সঠিক উত্তৰ । জুনত পানীৰ বাবে প্ৰ-পত্ৰ দিব নোৱাৰিলে । এইবাৰ এপ মুকলি কৰি আভুৱা ভাৰাৰ চেষ্টা । প্লেনৰ টিকট বুক কৰাৰ দৰেই এপৰ জৰিয়তে পানীৰ বাবে আৱেদন কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে(Minister Ashok Singhal Call to apply for water through app )।
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই পৌৰসভাৰ নিৰ্বাচনৰ সময়ত আশ্বাস দিছিল জুলাইত পানী পাব ৰাইজে ( Chief Minister Dr Himanta Biswa Sharma)। কিন্তু বিভাগীয় মন্ত্ৰীৰ মুখত ওলোটা ভাষ্য । জুলাইত পানী ট্ৰাইল কৰাৰ সম্ভাৱনাহে মাত্ৰ । ইপিনে, একেলগেই ৫ হাজাৰটা পৰিয়ালক পানী দিয়াৰ সামৰ্থ্যক লৈ নিশ্চিত নহয় বিভাগীয় মন্ত্ৰীগৰাকী । কিন্তু নিৰ্বাচনৰ পূৰ্বে একেলগে ৫ হাজাৰটা পৰিয়ালক পানী যোগানৰ প্ৰতিশ্ৰুতি দিছিল । মহানগৰবাসীক কেতিয়াৰ পৰা পানীৰ যোগান ধৰা হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নত শণিবাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে কয় যে জুলাইত পানী ট্ৰাইল কৰা হ'ব । এপলৈ গৈ পানীৰ সংযোগৰ বাবে আবেদন কৰিব লাগিব ।