অসম

assam

ETV Bharat / state

যোগ দিৱসৰ দিনটোত ঘৰতেই যোগাভ্যাস মন্ত্ৰী অতুল বৰাৰ - যোগ দিৱস

ৰাজহুৱাভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত নহ'লেও, ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই দিছপুৰৰ চৰকাৰী বাসগৃহতে পালন কৰে যোগ দিৱস ৷

minister alul borah on international yoga day
minister alul borah on international yoga day

By

Published : Jun 21, 2020, 1:18 PM IST

গুৱাহাটী, ২১ জুনঃ ক'ৰণাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হোৱা নাই ৰাজহুৱাকৈ । ইয়াৰ বিপৰীতে সকলোৱে নিজ-নিজ ঘৰতেই যোগ, প্ৰাণায়ম আদিৰ জৰিয়তে পালন কৰিলে যোগ দিৱস । ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাইয়ো দেওবাৰে দিছপুৰৰ চৰকাৰী বাসগৃহতে পালন কৰে যোগ দিৱস । বিভিন্ন আসন, প্ৰাণায়ম আদিৰ জৰিয়তে যোগ সাধনা কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী অতুল বৰাৰ যোগাসন

মন্ত্ৰী বৰাৰ মতে, যোগ হৈছে এক প্ৰাচীন কলা, যিয়ে আধ্যাত্মিকতা আৰু শাৰিৰীক-মানসিক উৎকৰ্ষ সাধনৰ লগতে আমাৰ মাজত ভাতৃত্ববোধৰ ধাৰাক সুদৃঢ় কৰে । দৈনন্দিন ব্যস্ততাৰ মাজতো যোগ সাধনাই আমাক সুস্থ কৰি ৰাখিব পাৰে বুলিও তেওঁ মন্তব্য কৰে ।

যোগ দিৱসৰ দিনটোত ঘৰতেই যোগাসন মন্ত্ৰী অতুল বৰাৰ

লগতে পঢ়কঃআন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ মধ্যপ্ৰদেশৰ 'ৰবৰ গাৰ্ল'ৰ যোগযাত্ৰাৰ কথাৰে

ABOUT THE AUTHOR

...view details