অসম

assam

ETV Bharat / state

নৱবৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি হ’ল গাখীৰৰ মূল্য

বৃহত্তৰ গুৱাহাটী গোপালক সংস্থাই 1 জানুৱাৰীৰ পৰা প্ৰতি লিটাৰ গাখীৰত 3 টকাকৈ বৃদ্ধি পাব বুলি উল্লেখ কৰে ৷ গো-পালনৰ বাবে ব্যৱহৃত সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে প্ৰতি লিটাৰ গাখীৰত 3 টকা মূল্য বৃদ্ধি কৰাৰ কথা জানিবলৈ দিয়ে বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাৰ কাৰ্যকাৰী সভাপতি দিৱাকৰ ঢাকালে।

Milk price increse in Guwahati
নৱবৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি হ’ল গাখীৰৰ মূল্য

By

Published : Jan 1, 2020, 9:29 PM IST

গুৱাহাটী, 1 জানুৱাৰীঃনৱবৰ্ষৰ প্ৰথমটো দিনতে গুৱাহাটী মহানগৰবাসীৰ বাবে এটা বেয়া খবৰ ৷ 1 জানুৱাৰীৰ পৰা প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাব 3 টকাকৈ ৷ বৃহত্তৰ গুৱাহাটী গোপালক সংস্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ উল্লেখ্য যে পূৰ্বে গাখীৰৰ খুঁটিত মূল্য আছিল 46 টকা আৰু 1 জানুৱাৰীৰ পৰা 3 টকা বৃদ্ধি কৰি 49 টকাত বিক্ৰী কৰা নিৰ্ধাৰিত কৰিছে গো-পালক সংস্থাই ৷ গো-পালনৰ বাবে ব্যৱহৃত সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে প্ৰতি লিটাৰ গাখীৰত 3 টকা মূল্য বৃদ্ধি কৰাৰ কথা জানিবলৈ দিয়ে বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাৰ কাৰ্যকাৰী সভাপতি দিৱাকৰ ঢাকালে ৷

নৱবৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি হ’ল গাখীৰৰ মূল্য

আনহাতে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ সভাপতি পদম বছনেদোই উল্লেখ কৰে যে পূৰ্বে আমি গো-পালকৰ পৰা 46 টকা প্ৰতি লিটাৰত গাখীৰ ক্ৰয় কৰি হ’লচেলত 48.50 আৰু খুচুৰা মূল্যত 50 টকাত প্ৰতি লিটাৰত বিক্রী কৰিছিলো । আৰু 26 মাহৰ পিচত গো-পালকসকলে 3 টকাকৈ প্ৰতি লিটাৰত মূল্য বৃদ্ধি কৰিছে ৷ 1 জানুৱাৰী পৰা আমি হ‘লচেলত 51.50 আৰু খুচুৰা মূল্যত 54 টকাতকৈ বেছি প্ৰতি লিটাৰত বিক্রী কৰিম বুলি উল্লেখ কৰে।

আৰু পঢ়কঃদৈজিঙত বছৰৰ অন্তিমটো দিন

ABOUT THE AUTHOR

...view details