গুৱাহাটী, 14 জুলাই : ৰাজ্যজুৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, শাক পাচলিৰ ব্যাপক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক সৰ্বস্বান্ত কৰাৰ সময়তে মহানগৰীত শীঘ্ৰে বৃদ্ধি পাব গাখীৰৰ মূল্য ৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই বৃহস্পতিবাৰৰ পৰা গৰুখুঁটিতে প্ৰতিলিটাৰ গাখীৰৰ মূল্য 3.50 টকালৈ বৃদ্ধি কৰিছে ৷
গৰুৰ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অজুহাত দেখুৱাই এবছৰৰ ভিতৰত 3.50 টকা পুনৰ বৃদ্ধি কৰিলে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই ৷ পূৰ্বতে প্ৰতিলিটাৰ গাখীৰৰ গৰুখুঁটিত মূল্য 53 টকা আছিল ৷ এইবাৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে গৰুখুঁটিত প্ৰতিলিটাৰ গাখীৰৰ মূল্য 56.50 টকালৈ বৃদ্ধি কৰে ৷
ইয়াৰ পিচতে গাখীৰ মূল্য বৃদ্ধিক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতিলিটাৰ গাখীৰৰ মূল্য 5 টকাকৈ বৃদ্ধি কৰাৰ দাবী কৰি আছিলে যদিও বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই এই দাবী মানি লোৱা নাছিল ৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ মাজত হোৱা আলোচনাৰ অন্তত গো পালক সন্থাক 3.50 টকাকৈ প্ৰতিলিটাৰ গাখীৰৰ গৰুখুঁটিৰ মূল্য বৃদ্ধি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয় ৷