গুৱাহাটী, 27 জুলাই :নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ জনতাক । ইতিমধ্যে ১৮ জুলাইৰ পৰা বৃদ্ধি পাইছে ২১ বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি ভৰিব লাগিব জনতাই ৷
কিন্তু এয়াই শেষ নহয় মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজলৈ আহিল আন এক দুখবৰ ! কাৰণ পহিলা আগষ্টৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাব গাখীৰৰ মূল্য ৷ গুৱাহাটীৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ'ব ৫৭.৪০ টকা আৰু খুচুৰা মূল হ'ব ৬০ টকা এই কথা বুধবাৰে এক সংবাদমেলযোগে সদৰী কৰে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাই (Milk price hike from August in Guwahati) ।