গুৱাহাটী, 15 অক্টোবৰ: প্ৰতিবাদত কঁপিল মহানগৰীৰ ৰাজপথ ৷ অসম সৰ্বশিক্ষা অভিযান মিছন সঞ্চালকালয়ৰ সন্মুখত ৰন্ধন কৰ্মীৰ ধৰ্ণা কাৰ্যসূচী । কাহিলিপাৰাস্থিত মিছন শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ।
মহানগৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - MID DAY MEAL PROTEST
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদত কঁপিল মহানগৰীৰ ৰাজপথ ৷ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদ ৰন্ধন কৰ্মী সকলৰ ৷ এতিয়াও দৈনিক মাত্ৰ ৩৩ টকা দিন হাজিৰাৰ বিনিময়ত কাম কৰি অহাৰ পিচতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷
মহানগৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
কণ কণ শিশুসকলক খাদ্য যোগান ধৰা ৰান্ধনী সকলে দৈনিক মাত্ৰ ৩৩ টকা দিন হাজিৰাৰে নিজ কাৰ্য সম্পাদন কৰি স্বত্তেও বৰ্তমানৰ চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াৰ লগতে মধ্যাহ্ন ভোজন আঁচনিক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন কৰ্মীসকলে।
লগতে অতি সোনকালেই চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে এই আন্দোলনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি হুংকাৰ প্ৰদান কৰি ইয়াৰ বাবে দায়ী কেৱল চৰকাৰ হ’ব বুলি উল্লেখ কৰে সংগঠনটোৱে ৷
- লগতে চাওকঃ গুৱাহাটী বিমানবন্দৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড