অসম

assam

শিক্ষামন্ত্ৰীৰ সৈতে মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ বৈঠক

By

Published : Mar 25, 2022, 9:43 PM IST

শুকুৰবাৰে শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ উত্তাল প্ৰতিবাদৰ পিছতে সন্থাৰ প্ৰতিনিধিৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক । পূৰ্বে পাবলগীয়া বকেয়া ধন ১৫ দিনৰ ভিতৰত সকলোৱে লাভ কৰিব । সাময়িকভাৱে স্থগিত আন্দোলনৰ কাৰ্যসূচী । শীঘ্ৰেই সিদ্ধান্ত সমূহ কাৰ্যকৰী আৰু মাননি বৃদ্ধি নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ(Mid day Meal workers protest at Khanapara) ।

mid day meal-cook-helpers-association-meeting-with-education-minister
শিক্ষামন্ত্ৰীৰ সৈতে মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সংস্থাৰ বৈঠক

গুৱাহাটী,২৫ মাৰ্চ : ৰাজ্যৰ শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে শুকুৰবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁলোকৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয়(Mid day Meal cook helpers Association Meeting) । উল্লেখ্য যে, শুকুৰবাৰে সদৌ অসম প্ৰাথমিক তথা উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই খানাপাৰাত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

শিক্ষামন্ত্ৰীৰ সৈতে মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সংস্থাৰ বৈঠক

এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতেই বিয়লি সংস্থাৰ পাঁচজনীয়া প্ৰতিনিধিৰ সৈতে জনতা ভৱনৰ শিক্ষামন্ত্ৰীৰ কাৰ্য্যালয়ত এক বৈঠক অনুষ্ঠিত কৰা হয় । শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে হোৱা এই বৈঠক সন্দৰ্ভত সন্থাৰ উপদেষ্টা তৃষ্ণা নাথ আৰু সভানেত্রী সবিতা বড়োৱে কয় যে, বৈঠকত কেতবোৰ বিষয় চূড়ান্ত হয় । বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰান্ধনি আৰু সহায়িকাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত শিক্ষামন্ত্রীয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব ।

সেইদৰে পূৰ্বে পাবলগীয়া বকেয়া ধন ১৫ দিনৰ ভিতৰত সকলোৱে লাভ কৰিব বুলি শিক্ষামন্ত্রীয়ে সদৰি কৰে । আনহাতে, ১ লাখ ১৯ হাজাৰ গৰাকী ৰন্ধনকৰ্মীক তাৎক্ষণিকভাৱে অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব । তদুপৰি কৰ্মৰত অৱস্থাতে মৃত্যুবৰণ কৰিলে ২ লাখ টকা পৰ্যন্ত বীমা লাভ কৰিব ৰন্ধনকৰ্মীসকলে ।

ইফালে ৰন্ধনকৰ্মীসকলৰ বাবে এখন পেঞ্চন আঁচনিৰ প্ৰচলন কৰিব বুলি শিক্ষামন্ত্রীগৰাকীয়ে প্ৰতিনিধি দলটোক অৱগত কৰে । লগতে চিকিৎসাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ সদৰী কৰে । আনহাতে, মধ্যাহ্ন ভোজন আঁচনিখন ব্যক্তিগত প্ৰতিষ্ঠানক দিয়াৰ কোনো পৰিকল্পনা নাই বুলি শিক্ষামন্ত্রীয়ে উল্লেখ কৰে ।

সন্থাৰ উপদেষ্টা তৃষ্ণা নাথ আৰু সভানেত্রী সবিতা বড়োৱে কয় যে, শিক্ষামন্ত্রীৰে সৈতে হোৱা আলোচনাৰ পাছত তেওঁলোকে সাময়িকভাৱে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছে । পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত সমূহ কাৰ্যকৰী আৰু শীঘ্ৰেই মাননি বৃদ্ধি নকৰিলে পুনৰ ৰাজপথত গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হ'ব বুলি নেতৃদ্বয়ে কয় ।

লগতে পঢ়ক :শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল খানাপাৰা

ABOUT THE AUTHOR

...view details