অসম

assam

ETV Bharat / state

সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সংবাদমেল - press club

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সংবাদমেল৷ তেওঁ লোকৰ স্পষ্ট কথা যে 2007 চনৰ পৰা কৰ্মী সহায়িকাৰ পদ নিয়মীয়া আৰু প্ৰাপ্য অধিকাৰৰ বাবে দাবী জনাই এই সংবাদমেলত ৷

সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সংবাদমেল

By

Published : Jul 14, 2019, 3:07 AM IST

গুৱাহাটী 14 জুলাইঃ:শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সংবাদমেল৷ তেওঁ লোকৰ স্পষ্ট কথা যে 2007 চনৰ পৰা কৰ্মী সহায়িকাৰ পদ নিয়মীয়া আৰু প্ৰাপ্য অধিকাৰৰ বাবে দাবী জনাই এই সংবাদমেলত৷ সংবাদমেলত তেওঁ লোকে দাবী কৰি কয় যে মাহিলী পাৰিশ্ৰমিক 9000 হাজাৰ টকা হ’ব লাগে । এই দাবী সমূহ চৰকাৰে মানি নলয় তেন্তে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে । এই সংবাদমেলতে বহিষ্কৃত সাধাৰণ সম্পাদিকা জাহানাৰা বেগমৰ কু কৃৰ্তিৰ বিষয়েও মন্তব্য কৰে সংস্থাটোৰ বিষয়ববীয়াই । তেওঁ লোকে কয় যে বহিষ্কৃত সাধাৰণ সম্পাদিকা জাহানাৰা বেগমে সন্থাটোৰ নামত দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈছিল,সেয়ে জাহানাৰা বেগমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰৰ ভিত্তিতে জাহানাৰাক আৰক্ষীয়ে গেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ লগতে জাহানাৰাৰ ভাতৃ শ্বেৰ আলমেও সন্থাটো দুৰ্বল কৰিবলৈ উঠি পৰি লাগিছে বুলি সংবাদমেলত অভিযোগ কৰে সন্থাই ।বিভিন্ন জিলা সমিতিলৈ বিভিন্ন মনে সজা কাহিনী কৈ কৰ্মী সকলক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে ।সেয়ে অতি শীঘ্ৰে জাহানাৰাৰ ভাতৃ শ্বেৰ আলমৰ বিৰূদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সন্থাই ।

সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details