গুৱাহাটী, 24 এপ্ৰিল : লক ডাউনৰ মাজতে শুকুৰবাৰে দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস । এই দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিছে দেশবাসীক ।
পুনৰ আৰম্ভ হৈছে এম জি এনৰেগাৰ কাম : ঘোষণা মন্ত্ৰী নৱ কুমাৰ দলেৰ - মন্ত্ৰী নৱ কুমাৰ দলেৰ সৈতে ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ
ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ দিনাই ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেৰ সৈতে ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷ শুকুৰবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে পুনৰ এম জি এনৰেগা আৰু প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ কাম আৰম্ভ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সাক্ষাৎকাৰযোগে জানিবলৈ দিয়ে ৷
এই বিশেষ দিনটোত ই টিভি ভাৰতে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেৰ সৈতে গ্ৰহণ কৰে এক বিশেষ সাক্ষাৎকাৰ । সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, শুকুৰবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে পুনৰ এম জি এনৰেগাৰ কাম আৰম্ভ কৰা হৈছে । লগতে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ কাম । ৰাজ্যৰ ২,১৯৭ খন গাঁও পঞ্চায়ত আৰু ২১৯ খন আঞ্চলিক পঞ্চায়তত ইতিমধ্যে এই কাম আৰম্ভ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।
লগতে পঢ়ক : গুৱাহাটীৰ ভঙাগঁড়ত নিশা চুৰি কাণ্ড