গুৱাহাটী, ২০ ছেপ্টেম্বৰ: গ্ৰাম্যাঞ্চলত কর্মসংস্থাপন আৰু গ্রাম্যাঞ্চলত সম্পদ সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে আৰম্ভ কৰা এম জি এনৰেগা আঁচনিখন অসমত প্ৰহসনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে । বছৰি কেন্দ্ৰীয় চৰকাৰে অসমত এই আচঁনিখনৰ ধন কৰ্তন কৰি আহিছে । আনহাতে বছৰি আঁচনিখনৰ কাম অসম্পূৰ্ণ হৈ থকাৰ তথ্যও পোহৰলৈ আহিছে । গ্রাম্য বিকাশ মন্ত্রণালয়ৰ তথ্য অনুসৰি যোৱা ২০২০-২১ চনৰ পৰা অসমত এই আচঁনিখনৰ ধন কৰ্তন হৈ আহিছে ।
তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে অসমত ২০২০-২১ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ৩৮৫.৬৭ কোটি টকা আবণ্টন দিছিল । আকৌ কেন্দ্ৰীয় চৰকাৰে অসমত ২০২১-২২ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ৩৩৭.৭৬ কোটি টকা আবণ্টন দিছিল । ২০২২-২৩ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ১৭৫.৭৬ কোটি টকা আবণ্টন দিয়ে । ২০২৩-২৪ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ১৯০.৩৭ কোটি টকা আবণ্টন দিছে । ইয়াৰ পৰা দেখা যায় যে ২০২০-২১ চনৰ পৰা অসমত এই আচঁনিখনৰ ধন কৰ্তন হৈ আহিছে ।