গুৱাহাটী, ১৯ ডিচেম্বৰ : ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২০২২ বিত্তীয় বৰ্ষলৈকে অসমত মহাত্মা গান্ধী নিশ্চিত নিয়োগ আইনৰ প্ৰায় ১৬৪ কোটি টকা ব্যৱহাৰ নোহোৱাকৈয়ে পৰি ৰ’ল(MGNREGA fun remained unused in Assam) । বিভাগীয় তথ্যতেই কথা স্পষ্ট হৈছে । উল্লেখ্য যে, সমগ্ৰ অসমত প্ৰায় ৫০ লাখ জবকাৰ্ডধাৰী এম জি এনৰেগাৰ শ্ৰমিক (Job Card holder MGNREGA labourer ) আছে ৷
যি সময়ত, জীৱিকাৰ তাড়নাত নিতৌ অসমৰ বহু শ্ৰমিক বৰ্হিৰাজ্যমুখী হ’ব লাগিছে(Migrant labours of Assam), তেনে সময়তে এইদৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰাৰ পিছতো একেৰাহে তিনিটা বিত্তীয় বৰ্ষত এনেকৈ ১৬৪ কোটি টকা ব্যৱহাৰ নোহোৱাকৈ পৰি ৰোৱাটো গুৰুতৰ বিষয় । বিভাগীয় তথ্য অনুসৰি ২০১৮-২০১৯ বিত্তীয় বৰ্ষত ব্যৱহাৰ নোহোৱাকৈ পৰি ৰ’ল প্ৰায় ৮৮ কোটি টকা ।
ঠিক একেদৰে ২০১৯-২০২০ বিত্তীয় বৰ্ষত প্ৰায় ৩ কোটি টকা ব্যৱহাৰ নহ'ল । আনকি ২০২০-২০২১ বৰ্ষত আৱন্টিত ৭৩ কোটি টকাও ব্যয় নহ'ল । অৰ্থাৎ একেৰাহে তিনিটা বিত্তীয় বৰ্ষত ব্যৱহাৰ নোহোৱাকৈ পৰি থাকিল প্ৰায় ১৬৪ কোটি টকা ।
২০২১-২০২২ বিত্তীয় বৰ্ষ এতিয়াও শেষ হোৱা নাই কিন্তু, আগন্তুক ৩১ মাৰ্চত এই বিত্তীয় বৰ্ষও শেষ হ’ব । চলিত এই বিত্তীয় বৰ্ষৰ সমুদায় ধনো যে বিভাগটোৱে ব্যয় কৰিবলৈ সক্ষম হ’ব সেয়া সন্দেহজনক । তাতোকৈ ডাঙৰ কথা, এম জি এনৰেগাৰ অধীনত প্ৰতিজন জবকাৰ্ডকাৰীক বছৰত ন্যূনতম এশ দিনৰ কাম চৰকাৰে নিশ্চিত কৰিব লাগে আৰু সকলো কাম শ্ৰমিকৰ হতুৱাই কৰোৱাব লাগে । কিন্তু এই গাইডলাইন ভংগ কৰি এম জি এনৰেগাৰ বহু কামত শ্ৰমিকৰ পৰিৱৰ্তে ট্ৰেক্টৰ, ডাম্পাৰ আদিও ব্যৱহাৰ কৰি থকা হৈছে ।
লগতে পঢ়ক :১৬ খন বিধেয়কৰে সোমবাৰৰে পৰা বিধানসভাৰ শীতকালিন অধিবেশন