গুৱাহাটী,২৮ আগষ্ট :কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেটৰ পিছত আন বহু লোকৰ দৰে এটা সময়ত আপুনিও হয়তো ভাবিছিল মুম্বাই,কলকাতা,দিল্লী আদিৰ দৰে উত্তৰ-পূৱৰ দুবাৰ মুখ গুৱাহাটী মহানগৰীৰ ৰাজপথতো চলিব মে'ট্ৰ ট্ৰেইন । গুৱাহাটীবাসীৰ এই সপোনক সফল ৰূপ দিয়াৰ বাবে কেইবছৰ মান পূর্বেই ৰাজ্য চৰকাৰৰ সহযোগত মে'ট্ৰ ট্ৰেইন প্ৰকল্পক বাস্তবায়িত কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ।
তাৰ বাবে বাজেটো নিৰ্ধাৰণ কৰিছিল প্ৰায় ১৮,০২০ কৌটি টকা । তাৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই অভিলাষী প্ৰকল্পই কি ৰূপ ললে সেয়া বুজাই ভালদৰে বুজি পাইছে । নকলেই হ’ব গুৱাহাটী বাসীৰ সপোনৰ মে'ট্ৰ ট্ৰেইন প্ৰকল্প এতিয়া অলীক কল্পনা মাত্ৰ । কিয়নো যোৱা যোৱা ৫ বছৰে প্ৰস্তুত নহল প্ৰকল্পটোৰ ডি পি আৰ ।
কেৱল আধাৰশিলাতে যেন সীমাবদ্ধ হৈ থাকিল মে'ট্ৰ ট্ৰেইনৰ প্ৰকল্পৰ কাৰ্যকৰিতা । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱত ইমানদিনে গুৱাহাটীবাসীয়ে আশা কৰি থকা এই অভিলাষী প্ৰকল্প নির্মাণলৈ আহি পৰিছে চৰম অনিশ্চয়তা । মন কৰিবলগীয়া কথা যে, কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে ২০১৫ চনত স্মাৰ্ট চিটি আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীত মে'ট্ৰ ট্ৰেইন প্ৰকল্পৰ সন্মতি প্ৰদান কৰাত গুৱাহাটী বাসীৰ মনত আশাৰ সঞ্চাৰ হৈছিল ।
পৰৱৰ্তী সময়ত ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত সেই সময়ৰ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহানগৰীৰ খানাপাৰাত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন স্থাপন কৰে । এই প্ৰকল্পৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হৈছিল ১৮,০২০ কোটি টকা । প্ৰাৰম্ভিক পৰ্যায়ত এই প্ৰকল্পৰ বাবে চৰকাৰে মুকলি কৰি দিছিল ২৫ কোটি টকা । আশা কৰা হৈছিল গুৱাহাটীবাসীৰ স্বপ্নৰ মে'ট্ৰ ট্ৰেইন প্ৰকল্পৰ কাম-কাজ তিনি বা চাৰি বছৰত সম্পুৰ্ণ হলে যাতায়তৰ সমস্যা কিছু লাঘৱ হ’ব ।
কিন্তু গুৱাহাটী বাসীয়ে আশা কৰা ধৰণে এই প্ৰকল্পই লাভ নকৰিলে কোনো বাস্তৱ ৰূপ । জানিব পৰা মতে মে'ট্ৰ ট্ৰেইনৰ বাবে বিকল্প বিশ্লেষণ আৰু গতিবিধি পৰিকল্পনাৰ বাবে দিয়া কামো এতিয়ালৈ সম্পূৰ্ণ কৰিব পৰা নাই চৰকাৰৰ সংশিষ্ট বিভাগে । আনহাতে প্ৰকল্পটোৰ ডি পি আৰ প্ৰস্তুতৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৰিটছ লিমিটেড নামৰ এটা বহিৰাগত প্রতিষ্ঠানক।