অসম

assam

By

Published : Apr 26, 2022, 7:00 AM IST

Updated : Apr 26, 2022, 9:31 PM IST

ETV Bharat / state

School Problem in Guwahati : বিভিন্ন সমস্যাৰে জৰ্জৰিত মহানগৰীৰ মেট্ৰ’ পলিটান ছোৱালী হাইস্কুল

বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সমস্যাৰে জৰ্জৰিত হৈ পৰিছে মহানগৰীৰ মেট্ৰ’ পলিটান ছোৱালী হাইস্কুল (School Problem in Guwahati) । ৰঙা ফিটাৰ মেৰপেচতে আৱদ্ধ বিদ্যালয়খনৰ কাম-কাজ । বিগত ৬-৭ বছৰ ধৰি উপায়ুক্তৰ কাৰ্যালয়তে পৰি আছে বিদ্যালয়খনৰ মাটিৰ ফাইল ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ।

School Problem in Guwahati
বিভিন্ন সমস্যাৰে জৰ্জৰিত মহানগৰীৰ মেট্ৰ’ পলিটান ছোৱালী হাইস্কুল

গুৱাহাটী, 26 এপ্ৰিল : বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সমস্যাৰে জৰ্জৰিত হৈ পৰিছে মহানগৰীৰ মেট্ৰ’ পলিটান ছোৱালী হাইস্কুল (Metropolitan girls high school Guwahati) । ৰঙা ফিটাৰ মেৰপেচতে আৱদ্ধ বিদ্যালয়খনৰ কাম-কাজ । বিগত ৬-৭ বছৰ ধৰি উপায়ুক্তৰ কাৰ্যলয়তে পৰি আছে বিদ্যালয়খনৰ মাটিৰ ফাইল ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই (School Problem in Guwahati) ।

বিদ্যালয়খনৰ মাটি বিদ্যালয়খনৰ নামত নথকাৰ বাবে প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ আছে ৷ মহানগৰীৰ ছয়মাইলত থকা মেট্ৰ’পলিটান ছোৱালী হাইস্কুল খনত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰে । বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহ জহি-খহি যোৱাৰ লগতে খোৱাপানীৰো নাই কোনো সু-ব্যৱস্থা । বিদ্যালয় কৰ্তৃপক্ষই খোৱাপানী ক্ৰয় কৰি ব্যৱহাৰ কৰিবলগীয়া হয় । মহানগৰীৰ মাজমজিয়াত থকা বিদ্যালয়খনৰ দুৰৱস্থাই প্ৰমাণ কৰিছে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ প্ৰতি থকা চৰকাৰৰ অনিহা (Non provincialization school in Guwahati) ।

বিভিন্ন সমস্যাৰে জৰ্জৰিত মহানগৰীৰ মেট্ৰ’ পলিটান ছোৱালী হাইস্কুল

বিদ্যালয়খনৰ সমস্যা সম্পৰ্কে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সম্পাদিকা অঞ্জনা দাসে কয় যে, বিদ্যালয়খনৰ মূল সমস্যা হৈছে বিদ্যালয়খনৰ মাটিখিনি বিদ্যালয়ৰ নামত নাই । কৃষি বিভাগে বিদ্যালয়খনক মাটিখিনি অনুদান দিছিল যদিও আজিলৈকে বিদ্যালয়ৰ নামত পঞ্জীয়ন হোৱা নাই । ২০০৮ চনত নতুন পৰিচালনা সমিতি গঠন হোৱাৰ পাছৰে পৰা বিদ্যালয়ৰ ভূমি বিদ্যালয়ৰ নামত কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও আজি পৰ্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই ।

উপায়ুক্ত বিশ্বজিত পেগুৰ কাৰ্যকালত বিদ্যালয়খনৰ ভূমি সমস্যাৰ সন্দৰ্ভত উপায়ুক্তগৰাকীক সাক্ষাৎ কৰা হৈছিল যদিও সেই সময়ত ভূমিকেন্দ্ৰিক কাম-কাজ কাম বন্ধ হৈ আছিল ৷ এই কাম আৰম্ভ হ’লে বিদ্যালয়খনৰ সমস্যা সমাধান কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰিছিল । কিন্তু বিগত ৭ বছৰ ধৰি উপায়ুক্তৰ কাৰ্যালয়তে পৰি আছে ফাইল । ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । শ্ৰেণীকোঠাৰ অভাৱত জৰাজীৰ্ণ কোঠাতে পাঠদান কৰিবলগীয়া হৈছে ছাত্ৰীসকলক ।

বিভিন্নজনৰ দান-বৰঙণিৰে নতুনকৈ তিনিটা শ্ৰেণী কোঠা নিৰ্মাণ কৰি থকা হৈছে । বিদ্যালয়খনত মুঠ ৬ গৰাকী শিক্ষক আৰু ২ গৰাকী সহায়ক আছে । তেওঁলোকক দৰমহা দিয়াতো সমস্যাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই । উল্লেখ্য যে, বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ বৰ্তমান প্ৰায় ৮০ গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ৷

লগতে পঢ়ক:SI Exam Question Paper Viral: ছেবাৰ মতে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো সাধাৰণ কথা

Last Updated : Apr 26, 2022, 9:31 PM IST

ABOUT THE AUTHOR

...view details