অসম

assam

ETV Bharat / state

Assam Weather report: বৰদৈচিলাৰ প্ৰকোপত ত্ৰাহি মধুসূদন সুঁৱৰিব অসমবাসীয়ে; সৰ্তকতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ - Hail Storm in Assam

বিগত ২৪ ঘন্টাত বৰদৈচিলাই তাণ্ডৱ চলাব সমগ্ৰ অসমত । গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অঞ্চল বিশেষে এলাৰ্ট জাৰি কৰিছে (Meteorological Centre issues alert for storm in Assam) । অহা ২৭ আৰু ২৮ এপ্ৰিলত অসমৰ বহু কেইখন জিলাৰ দুই এঠাইত বজ্ৰপাতৰ সম্ভাৱনা আছে ।

Meteorological Centre issues alert for storm in Assam
বৰদৈচিলাৰ প্ৰকোপত ত্ৰাহি মধুসূধন সুঁৱৰিব অসমবাসীয়ে

By

Published : Apr 24, 2023, 9:00 PM IST

গুৱাহাটী, ২৪ এপ্ৰিল: গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে অঞ্চল বিশেষে এলাৰ্ট জাৰি কৰিছে (Meteorological Centre issues alert for storm in Assam) । অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়কেইখন জিলাৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত ৰাজ্যখনৰ বহু কেইখন জিলাৰ দুই এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে (Possibility of severe storm in Assam) ।

বৰদৈচিলাৰ প্ৰকোপত ত্ৰাহি মধুসূধন সুঁৱৰিব অসমবাসীয়ে

অহা ২৭ আৰু ২৮ এপ্ৰিলত অসমৰ বহু কেইখন জিলাৰ দুই এঠাইত বজ্ৰপাতৰ সম্ভাৱনা আছে । লগতে ২৮ এপ্রিলত দুই এখন জিলাৰ ঠাই বিশেষে প্রবল বৰষুণৰ সম্ভাৱনা আছে । যোৱা ২৪ ঘণ্টাত অসমৰ বহু কেইখন জিলাৰ প্ৰায়বোৰ ঠাইত বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ধেমাজি জিলাৰ দুই এঠাইত প্রবল বৰষুণ হৈছিল (Hail Storm in Assam) ।

এই সময়ছোৱাত বহু কেইখন জিলাৰ দুই এঠাইত বজ্রপাতসহ ধুমুহা বতাহ বলা পৰিলক্ষিত হৈছিল । এই সময়চোৱাত ৰাজ্যত সৰ্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৩.১ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫.০ ডিগ্ৰী চেলছিয়াছ কম আছিল আৰু সৰ্বনিম্ন তাপমাত্রা স্বাভাৱিকতকৈ ১.৬ ডিগ্রী চেলছিয়াছৰ পৰা ৩.০ ডিগ্ৰী চেলছিয়াছ কম আছিল ।

বৰদৈচিলাৰ প্ৰকোপত ত্ৰাহি মধুসূধন সুঁৱৰিব অসমবাসীয়ে

ৰাজ্যত সোমবাৰৰ নুন্যতম সর্বনিম্ন তাপমাত্রা তিনিচুকীয়াত ১৬.০ ডিগ্ৰী চেলছিয়াছ আৰু দেওবাৰে সৰ্বাধিক সর্বোচ্চ তাপমাত্রা লখিমপুৰত ৩০.৪ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড হৈছে । উল্লেখ্য যে, যোৱা দেওবাৰে উজনিৰপৰা নামনিলৈকে বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰিছে ।

বিদ্যুতৰ খুঁটা বাগৰি পৰাৰ বাবে বহু অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে । কালৰূপী ধুমুহাই টিনপাত উৰুৱাই নিয়ে, উভালি পৰে গছ-গছনি । বহু অঞ্চলত পথৰ ওপৰত গছ বাগৰি পৰাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, সমুদ্র গড়পৃষ্ঠৰ ওপৰত ১.৫ কিলোমিটাৰৰপৰা ২.১ কিলোমিটাৰ পৰ্যন্ত পূব অসম আৰু দাঁতি কাষৰীয়া অঞ্চলত ঘূর্ণী বতাহে অৱস্থান কৰি থকাৰ ফলত ৰাজ্যত ধুমুহা আৰু বৰষুণ হৈছে ।

বৰদৈচিলাৰ প্ৰকোপত ত্ৰাহি মধুসূধন সুঁৱৰিব অসমবাসীয়ে

যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন অঞ্চলত হোৱা বৰষুণৰ পৰিমাণ আছিল বঙাইগাঁও ৪০ মিলিমিটাৰ, তিনিচুকীয়া ৩০ মিলিমিটাৰ, ধূপধৰা ৩০ মিলিমিটাৰ, ধুবুৰী ১৮ মিলিমিটাৰ, বৰপেটা ২০ মিলিমিটাৰ, ডিব্ৰুগড়-লামডিঙত ১০ মিলিমিটাৰ আৰু গুৱাহাটীত ৪.২ মিলিমিটাৰ । চলিত এপ্রিল মাহত আজিলৈকে গুৱাহাটী ৭৪.২ মিলিমিটাৰ বৰষুণ হৈছে ।

লগতে পঢ়ক:Dead body recovered: অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ সোণাৰিত তীব্ৰ চাঞ্চল্য

ABOUT THE AUTHOR

...view details