গুৱাহাটী,১১ নৱেম্বৰঃক্ৰমাৎ তুংগত উঠিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বাক-বিতণ্ডা।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলক বৃদ্ধাংগুষ্ঠ দেখুওৱা আৰু পাকিস্তান জিন্দাবাদ সন্দৰ্ভত বুধবাৰে মন্তব্য কৰে এআইইউডিএফ প্ৰধান তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে।
মানসিকভাৱে অসুস্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃবদৰুদ্দিন আজমল আজমলে সংবাদ মাধ্যমৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,কনিষ্ঠ ভাতৃ হিমন্ত বিশ্ব শৰ্মা আজিকালি মানসিকভাৱে অসুস্থ ৷ তেওঁক এতিয়া চিকিৎসাৰ প্ৰয়োজন হৈছে। যাৰ বাবে মন্ত্ৰীগৰাকীয়ে বুঢ়া আঙুলি দেখুৱাইছে ৷ তদুপৰি মন্ত্ৰী হিচাপে নিজৰ পদবীটোৰ মৰ্যাদা ৰাখিব লাগে বুলিও কয় এআইইউডিএফ প্ৰধানগৰাকীয়ে ৷
ইয়াৰ লগতে আজমলে অভিযোগ উত্থাপন কৰি কয়,বিজেপিৰ মুখ্যমন্ত্ৰী পদত পুনৰ সৰ্বানন্দ সোণোৱালেই থাকিব বুলি জানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ধ্বংস কৰাৰ বাবে কাম কৰা আৰম্ভ কৰিছে ৷ইয়াৰ ফলত এআইইউডিএফৰ লাভ হ’ব বুলি কৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বদৰুদ্দিন আজমলে ৷
আনহাতে,হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান জিন্দাবাদ প্ৰসংগত মাত্ৰ তেওঁৰ দুজন সতীৰ্থ মন্ত্ৰী পিয়ুষ হাজৰিকামন্ত্ৰী পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাইহে সমৰ্থন কৰিছে বুলি কয় আজমলে। ইপিনে,বিহাৰৰ নিৰ্বাচনী ফলাফল কথা উল্লেখ কৰি অসমত মহাজোঁট বন্ধনৰ বিকল্প নাই বুলি সাংবাদিকৰ আগত উল্লেখ কৰে মন্তব্য কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷
লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত